নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংকৰ একাউণ্টত থাকিব ৪জন ন’মিনী ৰখাৰ সুবিধা

🔹 সংসদত গৃহীত সংশোধিত বেংকিং বিধেয়ক

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : এতিয়াৰে পৰা বেংকৰ একাউণ্টত সর্বোচ্চ ৪গৰাকী ন’মিনী ৰাখিব পৰা যাব৷ প্রতিগৰাকী ন’মিনীয়ে উত্তৰাধিকাৰ সূত্রে কিমান শতাংশ ধন লাভ কৰিব, সেই হিচাপো কৰি ৰখা হ’ব৷ বেংকিং ল এমেণ্ডমেণ্ট বিল গৃহীত হোৱাৰ পিছত এলানি পৰিৱর্তন আহিব বেংক সম্পর্কীয় নিয়মত৷ লোকসভাত গৃহীত হৈছে বেংকিং আইন সংশোধনী বিধেয়ক৷ পূর্বৰ ৫খন বেংকিং আইন সংশোধন কৰিবলৈ ১৯টা প্রস্তাৱ অনা হৈছিল৷ সংসদৰ শীতকালীন অধিৱেশনত এই বিধেয়ক দাখিল কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ বিধেয়ক গৃহীত হোৱাৰ পিছত সীতাৰমণে কয় যে গ্রাহকসকলৰ বেংক সেৱা অধিক উন্নত কৰি তোলাৰ বাবেই ৫খন আইন সংশোধন কৰা দৰকাৰ৷

You might also like