🔹 হিন্দী ভাষা বলৱৎ নকৰাক লৈ আঁকোৰগোজ স্থিতিত তামিলনাডুৰ মুখ্যমন্ত্রী
নিউজ ডেস্ক, ১৬ মার্চ : ৰাষ্ট্রীয় শিক্ষানীতিৰ অধীনত তিনি ভাষা আর্হিৰ বিৰোধিতাৰে হিন্দী ভাষা বলৱৎ নকৰাক লৈ আঁকোৰগোজ স্থিতিত তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন৷ হিন্দী ভাষা বলৱৎ নকৰিলে কেন্দ্রৰ পৰা অনুমোদিত ২,০০০ কোটি টকা হেৰুৱাবলৈও তামিলনাডু সাজু বুলি কয় মুখ্যমন্ত্রী ষ্টেলিনে৷ তামিল পৰিচয়ক লৈ প্রত্যাহ্বান নজনাবলৈ কঠোৰ স্থিতি লোৱা মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যখনত ইংৰাজী আৰু তামিল দুই ভাষানীতি ইতিমধ্যে বলৱৎ হৈ আছে বুলি উল্লেখ কৰি তিনি ভাষাৰ আর্হি বলৱতেৰে হিন্দী ভাষা ৰাজ্যখনত বলৱৎ কৰা নহ’ব বুলি কয় মুখ্যমন্ত্রী ষ্টেলিনে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে তামিলনাডু চৰকাৰে কেন্দ্রৰ তিনি ভাষা আর্হি বলৱৎ নকৰি সংবিধান উলংঘনৰ অভিযোগ তুলিছে৷ তামিলনাডু চৰকাৰে যদি এই তিনি ভাষানীতি বলৱৎ নকৰে, তেতিয়াহ’লে কেন্দ্রই সমগ্র শিক্ষা অভিযানৰ পুঁজি আবণ্টন কৰিব নোৱাৰে বুলিও চৰকাৰখনক একপ্রকাৰ সকীয়নি দিয়ে৷ ইয়াৰ পিছতে কেন্দ্র আৰু তামিলনাডু চৰকাৰৰ মাজত হিন্দী ভাষা বলৱতক লৈ প্রত্যক্ষ সংঘাত হয়৷ ইতিপূর্বে তামিল পৰিচয়ক লৈ প্রত্যাহ্বান নজনাবলৈ কেন্দ্রক আহ্বান জনাই মুখ্যমন্ত্রী ষ্টেলিনে বলপূর্বকভাৱে হিন্দী প্রয়োগ মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ বিভিন্ন দল–সংগঠনে ইতিমধ্যে তামিলনাডুত হিন্দী ভাষা বলৱতৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে৷ কোনো কাৰণতে তামিলনাডুত ইংৰাজী আৰু তামিলৰ ওপৰত হিন্দী ভাষা জাপি দিয়া সহ্য কৰা নহ’ব বুলি প্রতিবাদীসকলে হুংকাৰ দিছে৷ লক্ষণীয়ভাৱে ডিএমকেৰ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী ষ্টেলিনৰ নেতৃত্বত ইতিমধ্যে ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলে সর্বদলীয় বৈঠকত মিলিত হৈ হিন্দী ভাষা বলৱতৰ ক্ষেত্রত কেন্দ্রৰ সিদ্ধান্তক গৰিহণা দি এই সিদ্ধান্ত মানি লোৱা নহ’ব বুলি প্রস্তাৱ গ্রহণ কৰিছে৷ ৰাজ্যখনৰ আটাইকেইটা ৰাজনৈতিক দলেই হিন্দী ভাষা বলৱতৰ বিৰুদ্ধে ডিএমকে চৰকাৰক সমর্থন জনাইছে৷ অৱশ্যে কেন্দ্রত শাসিত বিজেপিৰ নেতাই হিন্দী ভাষা বলৱতৰ পক্ষত অভিযান চলাই আছে৷ এই লৈও ৰাজ্যখনত তীব্র বাদানুবাদৰ সৃষ্টি হৈছে৷