নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নদীপথেৰে ২৪৮ কিঃমিঃ অতিক্রম মহাকুম্ভৰ ভক্তৰ

🔹 বিহাৰৰ যুৱকৰ অভিনৱ যাত্রা

নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : পুণ্য লাভৰ আশাত উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভমুখী হৈ পৰিছে সমগ্র ভাৰত৷ সময় যিমানে আগবাঢ়িছে সিমানে প্রয়াগৰাজৰ পুণ্যতীর্থত জনতাৰ ভিৰ বৃদ্ধি পাইছে৷ কোটি কোটি মানুহৰ উদ্দীপনাৰ মাজতে বিভিন্ন সমস্যাও সৃষ্টি হৈছে প্রয়াগৰাজত৷ ৩০ কিলোমিটাৰ দীর্ঘৰ যান–জঁটৰ অভিলেখ সৃষ্টি হৈছে প্রয়াগৰাজত৷ তথাপি ভক্তক এনে সমস্যাই প্রয়াগৰাজলৈ যোৱাৰ ক্ষেত্রত বাধা দিব পৰা নাই৷ স্থলপথত ভয়াৱহ যান–জঁটৰ বাবে নদীপথেৰে নাৱত উঠি যাত্রা আৰম্ভ কৰিলে এদল যুৱকে৷ গংগা নদীৰে ২৪৮ কিলোমিটাৰ দীর্ঘ পথ অতিক্রম কৰি প্রয়াগৰাজৰ ত্রিবেণী সংগমত পৱিত্র স্নান কৰিলে এই যুৱকৰ দলটোৱে৷ যুৱককেইজনৰ এনে কীর্তি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ মহাকুম্ভগামী প্রবল ভিৰৰ বাবে ৩০০ কিলোমিটাৰত দীর্ঘ যান–জঁট ইতিমধ্যে দেখিবলৈ পাইছে বিশ্বই৷ যান–জঁট দেখিবলৈ পোৱা গৈছে বিহাৰলৈকে৷ স্থলপথৰ এই সমস্যা এৰাই চলিবলৈ নদীপথ গ্রহণ কৰিছিল যুৱককেইজনে৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে গংগাৰ বুকুৱেদি সৰু নাও এখন লৈ যুৱককেইজনে যাত্রা কৰি আছে৷ ৫জনীয়া যুৱকৰ দলটোৱে নির্জন নদীপথেৰে বাধাহীনভাৱে উপস্থিত হয় প্রয়াগৰাজত৷ লক্ষণীয়ভাৱে যুৱককেইজনৰ চকু–মুখত উৎসাহ–উদ্দীপনা কমি যোৱা নাছিল৷ বিহাৰৰ বক্সাৰৰ পৰা নদীপথেৰে যাত্রা আৰম্ভ কৰিছিল এই যুৱকৰ দলটোৱে৷

You might also like