🔹 গৱর্নৰৰ ই–মেইললৈ ৰাছিয়ান ভাষাত ভাবুকি বাৰ্তা
নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বোমা বিস্ফোৰণেৰে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ৰ মুম্বাইৰ সদৰ কার্যালয় উৰুৱাই দিয়াৰ ভাবুকি আহিল৷ দেশৰ কেন্দ্রীয় বেংকটোৰ নতুনকৈ নিযুক্তি লাভ কৰা গৱর্নৰ সঞ্জয় মালহোত্রাৰ ই–মেইলত ৰাছিয়ান ভাষাত আহিছে এই ভাবুকি৷ তাৎক্ষণিকভাৱে আৰক্ষীক খবৰ দিয়া হয়৷ মুম্বাইৰ এমআৰএ মার্গ থানাত অজ্ঞাত পৰিচয়ৰ ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ আৰবিআইৰ গৱর্নৰৰ ই–মেইল আইডিলৈ এই ভাবুকি–পত্র আহে৷ মুম্বাই আৰক্ষীৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি, ৰাছিয়ান ভাষাত অহা ভাবুকি বার্তাত ৰিজার্ভ বেংক বিস্ফোৰণেৰে উৰুৱাই দিয়া হ’ব বুলি উল্লেখ কৰা হৈছে৷ ই–মেইল প্রেৰকৰ আইপি এড্রেছ চিহ্ণিত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে৷