নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথত জঁপিয়াইছে ভূতে, ফিতা লৈ উপস্থিত যমৰাজ–চিত্রগুপ্ত

🔹 কর্ণাটকৰ পথৰ দুৰৱস্থাৰ ছবি তুলি ধৰিবলৈ অভিনৱ প্রতিবাদ

নিউজ ডেস্ক, ৩০ আগষ্ট : যি পথত খাল, গাঁত আছে, তাত ‘স্বর্গযাত্রা’ৰ সম্ভাৱনা বেছি! হ’ব পাৰে নৰক যাত্রাও! ভাৰতীয় লোকসকলৰ এই অভিজ্ঞতা আছে৷ ভাৰতত পথ দুর্ঘটনাত মৃত্যুৰ পৰিসংখ্যা অতি বেছি৷ মৃত্যু হৈছে যমৰাজ তথা চিত্রগুপ্তৰ দপ্তৰ৷ সেইবাবে কর্ণাটকৰ উডুপিৰ ৰাস্তাত দেখিবলৈ পোৱা গ’ল যমৰাজ আৰু চিত্রগুপ্তক৷ মাজপথত ফিতা হাতত লৈ থিয় হৈ আছে যমৰাজ আৰু চিত্রগুপ্ত৷ জোখ-মাপ লৈছে ভাঙি যোৱা পথত৷ কর্ণাটকৰ উডুপিত মাল পে ৰোড মুষলধাৰ বৃষ্টিপাতৰ বাবে ভাঙি চূৰমাৰ হৈছে৷ বিপজ্জনক সেই গাঁতত গাড়ী পৰিলেই যাত্রীৰ মৃত্যু অৱধাৰিত৷ ইতিমধ্যে একাধিক দুর্ঘটনাও ঘটিছে৷ কিন্তু প্রশাসনৰ কোনো কাণসাৰ নাই৷ পৌৰ নিগমৰ বাজেট উঁয়ে খালেও, পিডব্লিউডিৰ টকা, সাংসদ–বিধায়ক পুঁজিৰ ধন ঘূৰি গ’লেও পথৰ এই গাঁতবোৰ মেৰামতি কৰাৰ ক্ষেত্রত কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই চৰকাৰে৷ গতিকে যমৰাজ-চিত্রগুপ্ত আৰু ভূতৰ দলে পথৰ এই শোচনীয় পৰিস্থিতিক তুলি ধৰিছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই অভিনৱ প্রতিবাদ৷ দেখিবলৈ পোৱা গৈছে চিত্রগুপ্ত আৰু যমৰাজৰ বেশত দুজন লোকক৷ লগতে কেইটামান ভূতৰ বেশত কেইজনমান লোক৷ এই ভূতবোৰে বোকা–পানী ভর্তি গাঁতৰ ওপৰেৰে জঁপিয়াই জঁপিয়াই দৌৰিছে৷ আনফালে যমৰাজ আৰু চিত্রগুপ্তই ৰাস্তাৰ গাঁতসমূহৰ জোখ–মাপ লৈছে৷ উল্লেখনীয় যে সাধাৰণ মানুহে বিধায়ক–সাংসদৰ ওচৰত অভিযোগ দি কোনো সুফল পোৱা নাই৷ বাধ্য হৈ এই পন্থা লৈছে স্থানীয় বাসিন্দাসকলে৷ স্মর্তব্য যে চলিত বর্ষত কর্ণাটকৰ বিভিন্ন স্থানত বাট–পথসমূহৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ কিন্তু চৰকাৰৰ সংশ্লিষ্ট বিভাগে এই বাট–পথসমূহৰ মেৰামতিৰ ক্ষেত্রত কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ ফলত জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ নাগৰিকসকলে৷

You might also like