🔹 যাৱজ্জীৱন কাৰাদণ্ড দোষীক : ওড়িশাৰ শিহৰণকাৰী কাণ্ডৰ গোচৰৰ ৰায় আদালতৰ
নিউজ ডেস্ক, ২৯ মে’ : বিয়াৰ উপহাৰত বোমা পঠিয়াই নৃশংস হত্যাকাণ্ড৷ ঘটনাৰ ৭ বছৰৰ পিছত মূল অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ দিলে ওড়িশাৰ আদালতে৷ ইয়াৰ উপৰি দোষীক ৫০ হাজাৰ টকা জৰিমনাও বিহিছে আদালতখনে৷ ২০১৮ চনৰ ১৩ ফেব্রুৱাৰীত ভয়ংকৰ এই ঘটনাত কঁপি উঠে ওড়িশাৰ পাটনাগড়৷ চহৰখনৰ বাসিন্দা শেখৰ চাহুৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰীমা নামৰ যুৱতীগৰাকী৷ পত্নীক লৈ সুখৰ সংসাৰৰ সপোন দেখিছিল শেখৰে৷ কিন্তু মুহূর্ততে ধ্বংস হয় সেই স্বপ্ন ৷ ১৩ ফেব্রুৱাৰীৰ পুৱা শেখৰৰ ঘৰলৈ এটা পার্ছেল আহে৷ বিয়াৰ উপহাৰ বুলি সেই পার্ছেল খোলাৰ লগে লগে ভয়াৱহ বিস্ফোৰণত কঁপি উঠে সমগ্র অঞ্চল৷ ঘটনাস্থলীতে মৃত্যু হয় শেখৰ আৰু তেওঁৰ আইতাকৰ৷ গুৰুতৰভাৱে আহত হয় ৰীমা আৰু পৰিয়ালৰ অন্য সদস্যসকল৷ তদন্তত নামি আৰক্ষীয়ে জানিব পাৰে যে এই ঘটনাৰ নেপথ্যত আছিল পুঞ্জিলাল মেহেৰ নামৰ এজন যুৱক৷ পুঞ্জিলাল এখন কলেজৰ অধ্যক্ষ আছিল৷ কিন্তু কোনো কাৰণতে সেই পদৰ পৰা তেওঁক আঁতৰ কৰি শেখৰৰ মাতৃ সংযুক্তাক নতুন অধ্যক্ষৰ দায়িত্ব প্রদান কৰা হয়৷ এই ঘটনাৰ পিছৰে পৰা পুঞ্জিলালে প্রতিশোধ লোৱাৰ চেষ্টা চলাই আহে৷ পৰিকল্পনা কৰে সংযুক্তাৰ পৰিয়ালটোক ধ্বংস কৰি দিয়াৰ৷ সেই অনুসৰি ইণ্টাৰনেটৰ সহায় লৈ নিজে বোমা প্রস্তুত কৰি সংযুক্তাৰ ঘৰলৈ প্রেৰণ কৰে৷ সমগ্র ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে পুঞ্জিলালক গ্রেপ্তাৰ কৰে৷ অৱশেষত ৭ বছৰ ধৰি গোচৰ চলাৰ পিছত কালি আদালতে পুঞ্জিলালক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় শুনায়৷