বিশেষ বাৰ্তা, ৬ এপ্রিল : পৰকীয়া প্রেমৰ সন্দেহত উত্তৰ প্রদেশৰ নয়দাত স্বামীয়ে পত্নীৰ মূৰ হাতুৰীৰে কোবাই থেঁতেলা কৰিলে৷ ৫৫ বছৰীয়া ব্যক্তিজনে তেওঁৰ পত্নীৰ আনৰ সৈতে প্রেমৰ সম্পর্ক থকা বুলি সন্দেহ কৰি হাতুৰীৰে কোবাই কোবাই মূৰ থেঁতেলা কৰি হ*ত্যা কৰে৷ এই হ*ত্যাকাণ্ডটো আৰক্ষীৰ আগত অৱগত কৰে তেওঁলোকৰে পুত্র সন্তানে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃ*তদেহ উদ্ধাৰ কৰাৰ লগতে হ*ত্যাকাৰী স্বামীক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, নুৰুল্লা হাইদৰ নামৰ ব্যক্তিজনে তেওঁৰ পত্নী আছমা খানক পৰকীয়া প্রেমৰ সন্দেহত হাতুৰীৰে কোবাই কোবাই হ*ত্যা কৰে৷ নয়দাৰ ছেক্টৰ ১৫ত সংঘটিত এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৪২ বছৰীয়া আছমা খানে ছফ্টৱেৰ ইঞ্জিনীয়াৰ হিচাপে নয়দাৰ ছেক্টৰ ৬২ত এটা ব্যক্তিগত কোম্পানীত কর্মৰত আছিল৷ দম্পতীটোৰ দুটি সন্তানো আছে ৷