নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক ছাহজাহান ! তাজমহলসদৃশ বাসগৃহ উপহাৰ দিলে পত্নীক

🔹 প্রেমৰ প্রতীক হিচাপে মধ্যপ্রদেশৰ ব্যক্তিয়ে নির্মাণ কৰিলে বিলাসী প্রাসাদ

নিউজ ডেস্ক, ১৭ জুন : প্রেমেই সর্বোচ্চ ! প্রেমৰ বাবে মানুহে কঠিন প্রত্যাহ্বানো সহজতে অতিক্রম কৰিব পাৰে৷ প্রেমৰ পথত নামিয়েই পত্নী মমতাজৰ স্মৃতি যুগমীয়া কৰিবলৈ আগ্রাত ২২ বছৰ ধৰি তাজমহল নির্মাণ কৰিছিল ছাহজাহানে৷ পৃথিৱীৰ সপ্তম আশ্চর্য তাজমহলক দেখি আজিও বিস্মিত হয় বিশ্বৰ পর্যটকসকল৷

ইয়াৰ ৩৫০ বছৰৰ পাছত ঠিক একে ঘটনাৰে পুনৰাবৃত্তি ঘটিল এইবাৰ মধ্যপ্রদেশত৷ প্রেমৰ প্রতীক হিচাপে পত্নীক তাজমহলৰ আর্হিত ঘৰ নির্মাণ কৰি দিলে স্বামীয়ে৷ মধ্যপ্রদেশৰ বাসিন্দা আনন্দ প্রকাশ চোকছিৰ সৈতে মঞ্জুশাৰ বৈবাহিক সম্পর্ক দীর্ঘদিনীয়া৷ বহুদিন ধৰি আনন্দ প্রকাশ চোকছিৰ মনত ইচ্ছা আছিল পত্নীক বৃহৎ উপহাৰ প্রদান কৰা৷ সেইবাবে নির্মাণ কৰিলে তাজমহলৰ আর্হিৰ বাসগৃহ৷ সুবিশাল এই প্রাসাদৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ লাখ লাখ মানুহে প্রত্যক্ষ কৰিছে এই ভিডিঅ’৷ এই ভিডিঅ’ দেখি বিভিন্নজনে আশ্চর্য প্রকাশ কৰিছে৷

বিবিচিৰ প্রতিবেদন অনুসৰি আয়তনত প্রকৃত তাজমহলৰ এক তৃতীয়াংশ এই প্রাসাদটো নির্মাণত খৰচ হৈছে প্রায় ২ কোটি টকা৷ ৰাজস্থানৰ বিখ্যাত মাকৰাণাৰ পাথৰেৰে নির্মাণ কৰা হৈছে সমগ্র প্রাসাদটো৷ ভিতৰৰ আচবাববোৰ নির্মাণ কৰিছে চুৰাট আৰু মুম্বাইৰ কাৰিকৰসকলে৷ বাসগৃহটোৰ ভিতৰত আছে মুঠ ৪টা শয়ন কক্ষ৷ এটা ৰন্ধনশাল আৰু এটা পুথিভঁৰালো ৰখা হৈছে বাসগৃহৰ ভিতৰত৷

লক্ষণীয় বিষয়টো হৈছে এই প্রাসাদটো নির্মাণৰ সময়ত আনন্দ প্রকাশে সঘনে কাৰিকৰসকলক প্রকৃত তাজমহললৈ লৈ গৈছিল৷ প্রাসাদটো নির্মাণত কেইবাবছৰৰো প্রয়োজন হোৱা বুলি উল্লেখ কৰিছে আনন্দ প্রকাশে৷

You might also like