নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্যৰ ন’বেল বঁটা মার্কিন কবি লুইচ গ্লাকলৈ

‘নিভাঁজ সৌন্দর্যৰে ব্যক্তিসত্তা বিশ্বজনীন কৰি তোলা অনন্য কাব্যিক কণ্ঠ’ক স্বীকৃতি ৰয়েল ছুইডিছ একাডেমীৰ

 নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  বিশ্ব সাহিত্যৰ সর্বোচ্চ সন্মান ২০২০ বর্ষৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ কবি লুইচ গ্লাকলৈ৷ মার্কিন মহিলা কবি লুইচ গ্লাকলৈ ন’বেল বঁটা ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমীৰে টুইটাৰত কয়– নিভাঁজ সৌন্দর্যৰে ব্যক্তিসত্ত্বাক বিশ্বজনীন কৰি তোলা অনন্য কাব্যিক কণ্ঠৰ বাবে ২০২০ বর্ষৰ ন’বেল বঁটা আমেৰিকাৰ কবি লুইচ গ্লাকলৈ আগবঢ়োৱা হৈছে৷ বিগত দুবছৰ ধৰি সাহিত্যৰ ন’বেল বঁটাক লৈ যৌন কেলেংকাৰিকে ধৰি বিভিন্ন বিতর্কৰ মাজত সোমাই পৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে বর্ষটোৰ সাহিত্যৰ ন’বেল বঁটা ঘোষণা কৰে ছুইডিছ একাডেমীয়ে৷ ন’বেল বঁটা লাভ কৰাৰ পূর্বে মার্কিন কবি গ্লাকে পুলিৎজাৰ বঁটাকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মানেৰে স্বীকৃতি লাভ কৰিছিল৷ আত্মগাথাৰ কবি ৰূপে পৰিচিত মার্কিন কবি লুইচ গ্লাকে ১৯৬৮ চনত ‘ফার্ষ্টবর্ন’ শীর্ষক কাব্যকণ্ঠৰে আত্মপ্রকাশ কৰি বর্তমানলৈকে ১২খন কাব্যগ্রন্থ ৰচনা কৰিছে৷ কাব্যগ্রন্থৰ উপৰি কবিতা বিষয়ক গ্রন্থৰ ৰচয়িতা লুইচ গ্লাকৰ কবিতাবোৰত আত্মজীৱনৰ বিভিন্ন অভিজ্ঞতা সন্নিৱিষ্ট হৈ আছে৷ ভাবনাত্মক তীব্রতা আৰু পৌৰাণিক ৰহস্য, ইতিহাস তথা প্রকৃতিৰ লগতে ব্যক্তিগত অনুভৱৰ সৈতে আধুনিক জীৱনক সাঙুৰি লৈ ৰচিত কবিতাই বিশ্বৰ কাব্যপ্রেমিক আকর্ষিত কৰি ৰাখিছে৷ য়ালে বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ অধ্যাপক হিচাপে কর্মৰত কবি গ্লাক বর্তমান মাছাছুছেটৰ কেম্ব্রিজত বসবাস কৰি আছে৷ ১৯৪৩ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্ক চহৰত জন্মগ্রহণ কৰা গ্লাকে নিউয়র্কৰে লং আইলেণ্ডত ডাঙৰ–দীঘল হয়৷ হাইস্কুলীয়া শিক্ষা গ্রহণ কৰি থকাৰ সময়ত এন’ৰেক্সিয়া নার্ভছাত আক্রান্ত হোৱা গ্লাকে পিছলৈ সেই ৰোগৰ পৰা নিৰাময় লাভ কৰিবলৈ সক্ষম হয়৷ ছাৰাহ লৰেঞ্জ কলেজ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে যদিও গ্লাকে ডিগ্রী সম্পূর্ণ কৰিব নোৱাৰিলে৷ কবি হিচাপে খ্যাত গ্লাকে য়ালে বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কর্মৰত হৈ থকাৰ উপৰি বিভিন্ন শৈক্ষিক প্রতিষ্ঠানত তেওঁ কবিতাৰ ওপৰত পাঠদান কৰে৷ নিজৰ জীৱনৰ অভিজ্ঞতাক সাঙুৰি লৈ ট্রমা, আকাংক্ষা আৰু প্রকৃতিক প্রাধান্য দি ৰচনা কৰা কবিতাসমূহত দুখ আৰু একাকিত্ব স্পষ্ট ৰূপত প্রতিফলিত হৈছে৷ পণ্ডিতসকলে তেওঁৰ কবিতা ৰচনাত কাব্যিক ব্যক্তিত্ব আৰু সম্পর্কক প্রাধান্য দিয়ে৷ তদুপৰি তেওঁৰ কবিতাসমূহ আত্মজীৱনীমূলক আৰু ক্লাছিকেল মিথ বুলি আখ্যা দিছে৷ ১৯৬৮ চনত ফার্ষ্টবর্নৰে আত্মপ্রকাশ কৰা কবি গ্লাকৰ কাব্যগ্রন্থকেইখন হৈছে দ্য হাউছ অন মার্ছলেণ্ড (১৯৭৫), ডিছেণ্ডিং ফিগাৰ (১৯৮০), দ্য ট্রিয়াম্ফ অৱ আচিলিজ (১৯৮৫), আৰাৰত (১৯৯০), দ্য ৱাইল্ড আইৰিচ (১৯৯২), দ্য ফার্ষ্ট ফ’ৰ বুকছ অৱ পয়েম্পছ (১৯৯৫), মিডোলেণ্ডছ (১৯৯৭), ভিটা ন’ভা (১৯৯৯), দ্য ছেভেন এজেছ (২০০১), এভাৰন’ (২০০৬), এ ভিলেজ লাইফ (২০০৯), পয়েম্পছ ১৯৬২–২০১২ (২০১২) আৰু ফেইটফুল এণ্ড ভার্ছুৱাছ নাইট (২০১৪)৷ কবিতা বিষয়ক গদ্যৰ গ্রন্থ হৈছে প্রুফছ এণ্ড থিয়’ৰিজ ঃ এছেজ অন পয়েট্রী (১৯৯৪) আৰু আমেৰিকান অৰিজিনেলিটী ঃ এছেজ অন পয়েট্রী (২০১৭)৷ মার্কিন সাহিত্য জগতৰ অনন্য কবি হিচাপে চর্চিত লুইচ গ্লাকে ন’বেল বঁটা লাভ কৰাৰ পূর্বে নেচনেল হিউমেনিটিজ মেডেল, নেচনেল বুক এৱার্ড, নেচনেল বুক ক্রিটিকছ চার্কোল এৱার্ডকে ধৰি কেইবাটাও বঁটা লাভ কৰি কাব্য প্রতিভাৰ উজ্জ্বল নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে ১৮৯৫ চনত এলফ্রেড ন’বেলে প্রতিষ্ঠা কৰা বিশ্বৰ সর্বোচ্চ বঁটাৰ ভিতৰত সাহিত্যৰ লগতে চিকিৎসা, পদার্থ, ৰসায়ন বিজ্ঞান, শান্তি আৰু অর্থনীতিত এই বঁটা প্রদান কৰা হয়৷ ইতিমধ্যে চিকিৎসা, পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ন’বেল বঁটা ঘোষণা কৰিছে৷ আজি সাহিত্যৰ ন’বেল বঁটা ঘোষণা কৰিলে৷ কাইলৈ ঘোষিত হ’ব শান্তিৰ ন’বেল৷

You might also like