নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত কর্কট ৰোগীৰ সংখ্যা ১৩.৯ লাখলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: চলিত বর্ষত দেশজুৰি কর্কটত আক্রান্ত হ’ব ১৩.৯ লাখ লোক৷ তেনেদৰে ২০২৫ চনৰ ভিতৰত এই আক্রান্ত লোকৰ সংখ্যা ১৫.৭ লাখলৈ বৃদ্ধি পাব৷ আইচিএমআৰ আৰু বাংগালুৰুস্থিত নেচনেল চেণ্টাৰ ফ’ৰ ডিজিছ ইনফর্মেটিক্স এণ্ড ৰিছার্চে প্রকাশ কৰা মতে, ২০২০ চনত নতুনকৈ ১৩.৯ লাখ লোক আক্রান্ত হ’ব৷ ইয়াৰে ভিতৰত ৬ লাখতকৈ অধিক পুৰুষ আৰু ৭ লাখতকৈ অধিক মহিলা৷ তুলনামূলকভাৱে পুৰুষতকৈ মহিলা চলিত বর্ষত বেছি আক্রান্ত হ’ব৷ আনহাতে, ২০২৫ চনৰ ভিতৰত মুঠ আক্রান্তৰ সংখ্যা ১৫.৭ লাখলৈ বৃদ্ধি পাব৷ ইয়াৰে ভিতৰত মহিলাৰ সংখ্যা ৮ লক্ষাধিক আৰু পুৰুষৰ সংখ্যা ৭ লক্ষাধিক হ’ব৷

মন কৰিবলগীয়া যে মহিলাসকলৰ অধিকাংশই স্তনৰ কর্কটত আক্রান্ত হয়৷ ইয়াৰ বিপৰীতে হাওঁফাওঁ আৰু মুখৰ কর্কটতো আক্রান্ত হয় মহিলা৷ তাৎপর্যপূর্ণ যে ২০২০ বর্ষৰ আক্রান্তৰ ভিতৰত ২৭.১ শতাংশই ধঁপাত সম্পর্কীয় কর্কটত আক্রান্ত৷ এইক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ধঁপাত সম্পর্কীয় কর্কটত আক্রান্ত লোকৰ সংখ্যা অধিক৷ জনসংখ্যাভিত্তিক কর্কট পঞ্জীয়নৰ ২৮ সংস্থা আৰু ৫৮খন চিকিৎসালয়ৰ তথ্যৰ আধাৰত আইচিএমআৰে কর্কটত আক্রান্ত ৰোগীৰ সংখ্যাৰ পূর্বানুমান কৰিছে৷ মহিলা কর্কট ৰোগীৰ ভিতৰত ১৪.৮ শতাংশ স্তনৰ কর্কটত আক্রান্ত৷ আনহাতে, ৫.৪ শতাংশ মহিলা জৰায়ুৰ কর্কটত আক্রান্ত হয়৷ উত্তৰ–পূবৰ ৰাজ্য মিজোৰামৰ আইজলত কর্কট ৰোগত আক্রান্ত লোকৰ সংখ্যা দেশৰ ভিতৰত সর্বাধিক৷

You might also like