নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰাণসীত ইণ্ডি গোটক কঠোৰ সমালোচনা প্রধানমন্ত্রীৰ

🔹 ৰাহুল গান্ধীয়ে বাৰাণসীৰ যুৱকক সুৰাসক্ত বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া মোদীৰ

বিশেষ বাৰ্তা, ২৩ ফেব্রুৱাৰী : উত্তৰ প্রদেশৰ বাৰাণসীত সন্ত ৰবিদাসৰ প্রতিমূর্তি মুকলি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিৰোধী ঐক্যমঞ্চ ইণ্ডি গোটক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সন্ত ৰবিদাসে জাতি আৰু সম্প্রদায়ৰ ঊর্ধ্বত গৈ সমাজত সকলো জাতি–সম্প্রদায় যাতে একত্রে বসবাস কৰিব পাৰে, তাৰ শিক্ষণ-আদর্শ বিলাই যোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ইণ্ডি গোটক আক্রমণৰ লক্ষ্য কৰি লয়৷ সন্ত ৰবিদাসৰ জন্মস্থানত তেওঁলৈ শ্রদ্ধাঞ্জলি জনাই প্রধানমন্ত্রী মোদীয়ে কয়– ইণ্ডি গোটে তেওঁলোকৰ পৰিয়ালৰ বাবে কাম কৰে৷ দুখীয়াৰ কল্যাণৰ বাবে নকৰে৷ দলিত আৰু পিছপৰা সম্প্রদায়ৰ কাৰণে ৰূপায়িত কল্যাণমূলক আঁচনিৰ বিৰোধিতা কৰে৷ সন্তগুৰু ৰবিদাসৰ ৬৪৭সংখ্যক বার্ষিকীত বিশাল ৰাজহুৱা সভা সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে সন্ত ৰবিদাসৰ শিক্ষণে সকলো বয়সৰ লোকক অনুপ্রাণিত কৰে বুলি কয়৷ এই সমাৱেশতে প্রধানমন্ত্রী মোদীয়ে বিৰোধী দলে নিজৰ সেৱাৰ বাবে ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপন কৰে৷ তদুপৰি বিগত ১০ বছৰত কেন্দ্রত শাসনাধিষ্ঠিত মোদী চৰকাৰে দেশৰ সকলো শ্রেণীৰ উন্নয়নৰ বাবে কাম কৰি অহা বুলি উল্লেখ কৰি কয় যে বিগত চৰকাৰে দুখীয়াৰ বাবে কোনোধৰণৰ কাম কৰা নাছিল৷ তেওঁলোকৰ চৰকাৰত কেৱল বিয়াগোম বিয়াগোম কেলেংকাৰি হৈছিল৷ বাৰাণসীৰ সাংসদ হিচাপে তেওঁ ইয়াৰ নাগৰিকসকলৰ সকলো সুবিধাৰ বাবে বিশেষ যত্ন লোৱা উচিত৷ তেওঁ সুখী যে সমষ্টিবাসীৰ আশা–আকাংক্ষাক পূর্ণ কৰিবলৈ সুযোগ পাইছে৷ আনপিনে, কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বাৰাণসীৰ পথত সুৰাসক্ত যুৱক পৰি থাকে বুলি কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া ব্যক্ত কৰে প্রধানমন্ত্রী মোদীয়ে৷ পৰোক্ষভাৱে কংগ্রেছ নেতাগৰাকীক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী মোদীয়ে কয়– কংগ্রেছৰ যুৱৰাজে কাশী আৰু উত্তৰ প্রদেশৰ যুৱকক নিচাসক্ত বুলি কয়৷ ই কেনে ধৰণৰ ভাষা? এতিয়া তেওঁলোকে উত্তৰ প্রদেশৰ যুৱকসকলক লৈও হতাশাত ভুগিছে৷ উত্তৰ প্রদেশৰ যুৱকসকলে উন্নত ৰাজ্য গঢ়াৰ কামত ব্যস্ত হৈ আছে৷ তেওঁলোকে দুটা দশক মোদীক গালি পাৰি কটালে৷ এতিয়া উত্তৰ প্রদেশৰ যুৱকৰ ওপৰত হতাশাৰ প্রতিফলন ঘটাইছে৷ যিসকল লোকৰ উত্তৰ প্রদেশৰ যুৱকৰ প্রতি সু-মনোভাব নাই, তেনে লোকেহে এনেধৰণৰ মন্তব্য কৰিব পাৰে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কাশীৰ বিশেষজ্ঞসকলে এতিয়া আৱর্জনাৰ পৰা মুকুতা সাজিবলৈ সক্ষম হৈছে৷ লক্ষণীয় যে সমাগত লোকসভা নির্বাচনৰ ৰণশিঙা বজাই থকা প্রধানমন্ত্রী মোদীয়ে আজিৰ সমাৱেশতো নির্বাচনৰ প্রসংগ সজোৰে উত্থাপন কৰে৷ সমাগত লোকসভা নির্বাচনত উত্তৰ প্রদেশৰ ১০০ শতাংশ আসনেই এনডিএক ৰাজ্যবাসীয়ে প্রদান কৰাৰ সিদ্ধান্ত লৈছে বুলি কয় প্রধানমন্ত্রীয়ে৷

You might also like