🔹 আলোচনাৰ বাবে সাজু কেন্দ্র
বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰী : শস্যৰ ন্যূনতম সমর্থন মূল্যৰ আইনকে ধৰি কৃষকৰ বিভিন্ন সমস্যাৰ দাবীত কৃষক সংগঠনৰ ‘দিল্লী চলো’ প্রতিবাদী কার্যসূচীক লৈ উত্তাল হৈ আছে দেশৰ ৰাজনীতি৷ পৰহি দিল্লী চলো কার্যসূচীত অংশ ল’বলৈ অহা পঞ্জাব–হাৰিয়ানাৰ কৃষকক শম্ভু সীমান্তত ড্রোনেৰে কন্দুৱা গেছ নিক্ষেপ কৰি ছত্রভংগ দিয়াৰ পিছত কালি পুনৰ কৃষকসকলে দিল্লীলৈ আগবাঢ়িব খোজোঁতে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে৷ কৃষকৰ দাবী মানি নোলোৱালৈকে সংযুক্ত কিষাণ মর্চাৰ নেতৃত্বত দেশৰ ২০০তকৈ অধিক কৃষক সংগঠনে প্রতিবাদী কার্যসূচী অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়াৰ পিছত কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষকৰ প্রতিনিধিৰে আলোচনাৰ বাবে মন মেলিছে৷ তথ্য মতে, কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি মন্ত্রী অর্জুন মুণ্ডাৰ নেতৃত্বত দল এটাই কৃষক প্রতিনিধিৰ সৈতে দুদিন পূর্বে মিলিত হোৱাৰ পিছত কালি পুনৰ সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হৈছে৷ দিল্লী সীমান্তৱর্তী অঞ্চল উত্তৰ প্রদেশকে ধৰি বিভিন্ন ৰাজ্যৰ সীমান্তত প্রতিবাদী কৃষকে বাহৰ পাতি ৰাজধানী চহৰখনত প্রৱেশৰ বাবে প্রয়াস চলাই আছে৷ আনহাতে, ৰাজপথত প্রকাণ্ড প্রকাণ্ড বেৰিকেড স্থাপন কৰি নিৰাপত্তা বাহিনীয়ে প্রতিবাদী কৃষকক বাধা দি আহিছে৷ পৰিণতিত দিল্লীৰ সীমান্তত উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হৈ আছে৷ দিল্লী চলো কার্যসূচী অব্যাহত ৰখাৰ সময়তে সংযুক্ত কিষাণ মর্চাৰ নেতৃত্বত প্রতিবাদী কৃষক সংগঠনসমূহে ১৬ ফেব্রুৱাৰীত ‘ভাৰত বন্ধ’ ঘোষণা কৰিছে৷ এই ভাৰত বন্ধত সমগ্র দেশৰ কৃষক সংগঠনসমূহে সমর্থন আগবঢ়াব৷ পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈকে গ্রামীণ ভাৰতত চকা বন্ধ কার্যসূচী ৰূপায়ণ কৰিব৷ কৃষকৰ এই ভাৰত বন্ধ কার্যসূচীত কেন্দ্রীয় ট্রেড ইউনিয়নৰ সংগঠনসমূহেও সমর্থন আগবঢ়াব৷ মন কৰিবলগীয়া যে পঞ্জাব–হাৰিয়ানা সীমান্তত শম্ভুত পৰহি নিৰাপত্তা বাহিনীয়ে ড্রোনেৰে কন্দুৱা গেছ নিক্ষেপ কৰি প্রতিবাদী কৃষকক আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল৷ কন্দুৱা গেছৰ লগতে আৰক্ষীয়ে পানীহিলৈও ব্যৱহাৰ কৰিছিল৷ আকাশ মার্গেৰে ড্রোনৰ জৰিয়তে কন্দুৱা গেছ নিক্ষেপ কৰি প্রতিবাদী কৃষকক শ’লঠেকত পেলোৱাৰ পিছত শম্ভুৰ খেতিপথাৰত সমৱেত হৈ থকা প্রতিবাদী কৃষকে ড্রোনৰ সৈতে মোকাবিলা কৰিবলৈ চিলা উৰুৱাইছে৷ চিলাৰে ড্রোনক প্রতিহত কৰাৰ কৌশল প্রতিবাদী কৃষকসকলে গ্রহণ কৰিছে৷ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ, কর্ণাটককে ধৰি বিভিন্ন ৰাজ্যৰ পৰা দিল্লী চলো কার্যসূচীত অংশ ল’বলৈ ৰাজধানী চহৰখনৰ সীমান্তত সমৱেত হৈ আছে৷ দিল্লী চলো কার্যসূচী ৰূপায়ণ কৰিবলৈ অটল হৈ আছে প্রতিবাদী কৃষক৷