🔹 অযোধ্যাত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ সময়তে ১০০০ কিলোমিটাৰ নিলগত আন এক মন্দিৰ
বিশেষ বাৰ্তা, ২৩ জানুৱাৰী : উত্তৰ প্রদেশৰ অযোধ্যাত কালি ঐতিহাসিক ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ সময়তে চহৰখনৰ পৰা ১০০০ কিলোমিটাৰ নিলগত আন এক ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে৷ সাগৰপৃষ্ঠৰ পৰা ১৮০০ ফুট উচ্চতাত ওড়িশাৰ পাহাৰত নির্মিত ৰাম মন্দিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ সংবাদ মাধ্যমত প্রচাৰিত অনুসৰি ওড়িশাৰ পাহাৰত নির্মাণ কৰা ১৬৫ ফুট উচ্চতাৰ ৰাম মন্দিৰটো স্থানীয় ফাতেহগড় গাঁওবাসী আৰু ভক্তৰ দান–বৰঙণিৰ দ্বাৰা নির্মাণ কৰা হৈছে৷ মন্দিৰটো নির্মাণৰ বাবে ব্যয় হোৱা আধা পুঁজি ফাতেহগড়বাসীয়ে ব্যয় কৰিছে৷ উল্লেখ্য যে পাহাৰৰ উচ্চতাত ১৫০তকৈও অধিক সেৱাৰ মনোভাবৰ শ্রমিকে ভগৱানৰ প্রতি শ্রদ্ধা জনাই বিগত ৭ বছৰ ধৰি ৰাম মন্দিৰটো নির্মাণ কৰি সম্পূর্ণ কৰি তুলিছে৷ ওড়িশাৰ পাহাৰত আধ্যাত্মিক তথা ধর্মীয় কেন্দ্র হিচাপে পৰিগণিত হ’বলৈ যোৱা এই ৰাম মন্দিৰটো পৰৱর্তী সময়ত পর্যটনৰ কেন্দ্ৰ হোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলিও গাঁওবাসীয়ে ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে উক্ত অঞ্চলটোৰ পৰাই জগন্নাথ, বলভদ্র আৰু সুভদ্রাৰ কাঠৰ মূর্তি নির্মাণ কৰিবলৈ কাঠ যোগান ধৰি আহিছে বিগত দশক দশক ধৰি৷ ফাতেহগড়ত থকা এই পৱিত্র কাঠ ধর্মীয় অনুষ্ঠানতো ব্যৱহূত হৈ আহিছে৷ এই ধর্মীয় ইতিহাস সাৰোগত কৰিয়েই গাঁওবাসীয়ে ৰাম মন্দিৰটো নির্মাণ কৰিবলৈ শ্রীৰাম সেৱা পৰিষদ কমিটী গঠন কৰে আৰু এই কমিটীৰ দ্বাৰাই স্থানীয় লোকৰ দান–বৰঙণিৰ লগতে আন অঞ্চলৰ ভক্তৰ পৰা ধন সংগ্রহ অভিযান চলে৷ এই সংগৃহীত ধনেৰেই মন্দিৰটো নির্মাণ কৰা হৈছে৷ পৰম্পৰাগত উড়িয়া স্থাপত্য আর্হিৰে নির্মাণ কৰা এই মন্দিৰতো তাৰা তাৰিণী আৰু কোণার্ক মন্দিৰৰ প্রতিচ্ছবিৰ প্রতিফলন ঘটিছে৷