নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ১০০সহ দেশৰ ৪২০ চিকিৎসকৰ ক’ভিডৰ দ্বিতীয় জোৱাৰত প্রাণহানি

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিড–১৯ যুঁজৰ অগ্রণী যোদ্ধা চিকিৎসকসকলো দ্বিতীয় জোৱাৰৰ সময়ত প্রত্যাহ্বানৰ সন্মুখীন হৈছিল৷ দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰত ৪২০জন চিকিৎসকে প্রাণ হেৰুৱাইছে৷ ইয়াৰে ১০০জন দেশৰ ৰাজধানী দিল্লীৰ৷ ভাৰতীয় চিকিৎসা সংস্থা চমুকৈ আই এম এই এক বিবৃতিযোগে দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সময়ত আক্রান্তক শুশ্রূষা কৰি ৪২০জন চিকিৎসকে বলিদান দিছে বুলি প্রকাশ কৰিছে৷

ৰাজধানী চহৰখনত ১০০জন চিকিৎসকে প্রাণ হেৰুওৱাৰ লগতে বিহাৰত অতিকমেও ৯৬ আৰু উত্তৰ প্রদেশত ৪১ চিকিৎসকে প্রাণ হেৰুৱাইছে৷

উল্লেখ্য যে ক’ভিড ভেকচিনৰ দুটাকৈ ড’জ লোৱাৰ পিছতো আই এম এৰ প্রাক্তন মুৰব্বী ডাঃ এ কে আগ্রৱাল ক’ভিডৰ সৈতে যুঁজি জীৱনৰ সৈতে হাৰ মানিছে৷ লক্ষণীয় যে আই এম এ প্রকাশ কৰা তথ্য মতে ক’ভিড–১৯ৰ প্রথম জোৱাৰত ৭৪৮জন চিকিৎসকে প্রাণ হেৰুৱাইছে৷ অর্থাৎ ক’ভিড–১৯ত এতিয়ালৈকে দেশজুৰি ১,১৬৮জন চিকিৎসকৰ মৃত্যু ঘটিছে৷ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে দেশজুৰি অত্যধিক চাপৰ সন্মুখীন হৈছে চিকিৎসকসকল৷

You might also like