🔹 ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’
নিউজ ডেস্ক, ২৭ জানুৱাৰী : এটা কোঠালিৰ ঘৰ৷ অপৰিপাটিকৈ পৰি আছে বিভিন্ন সামগ্রী৷ ঘৰটোৰ এটা কোণত বগা কাপোৰেৰে ঢাকি ৰখা স্বামীৰ মৃতদেহৰ ওপৰত কান্দি আছে পত্নীয়ে৷ ইয়াৰ মাজতে নির্লিপ্ত ভংগীত সেই ঘটনাৰ ৰীল বনাইছে মৃতকৰ জ্যেষ্ঠ ভগ্ণীয়ে! এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ পাষাণ হৃদয়ৰ মহিলাগৰাকীক ছ’চিয়েল মিডিয়াত বিভিন্নজনে নিন্দা কৰিছে৷ ভাইৰেল হোৱা ভিডিঅ’টো ক’ৰ, সেয়া জানিব পৰা হোৱা নাই৷ ভাতৃ–ভগ্ণীৰ পৰিচয়ো জানিব পৰা নাই৷ কিন্তু জ্যেষ্ঠ ভগ্ণীৰ যি ভাব-ভংগী, ৰীলছ বনোৱাৰ নিচা, তাক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে ধুমুহা৷ ভাতৃৰ মৃতদেহ যেন জ্যেষ্ঠ ভগ্ণীৰ বাবে ৰীলৰ ‘কণ্টেণ্ট’৷ নিজৰ প্রিয়জনক হেৰুওৱাৰ কোনোধৰণৰ দুখ নাই ভগ্ণীৰ মনত৷ লক্ষণীয়ভাৱে মহিলাগৰাকীয়ে তেওঁৰ ভাতৃৰ পত্নীক মৃত্যুক লৈ কন্দাৰ প্রয়োজন নাই বুলি সান্ত্বনাহে দিছে৷