🔹 অনিচ্ছা সত্ত্বেও সংশয়ত বিয়াৰ সন্মতি যুৱকৰ
নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : জীৱনত উন্নতিৰ স্বার্থত যিকোনো যুৱকৰ স্বপ্ণ এটা ভাল চাকৰি৷ সেয়া চৰকাৰী হ’লে কথা নাই৷ কিন্তু চৰকাৰী বিদ্যালয়ত শিক্ষকতাৰ চাকৰি পোৱাৰ পিছতে বিহাৰৰ এজন যুৱকৰ জীৱনলৈ নামি আহিল বিপদ৷ যুৱকজনৰ নিজৰ অনুমতি অবিহনে জীৱনৰ ডাঙৰ সিদ্ধান্ত ল’বলৈ দিয়া হ’ল৷ অপহৰণ কৰি যুৱকজনৰ সৈতে এগৰাকী যুৱতীক বিয়া পাতি দিয়ে অজ্ঞাত পৰিচয়ৰ একাংশ লোকে৷ প্রাণৰ সংশয়ৰ বাবে অনিচ্ছা সত্ত্বেও এই বিয়াত সন্মতি প্রকাশ কৰিবলগীয়া হয় যুৱকজনে৷ বিহাৰৰ বেগুচৰাই জিলাৰ বাসিন্দা অৱনীশ কুমাৰ৷ শেহতীয়াকৈ পাব্লিক ছার্ভিচ কমিছনৰ পৰীক্ষাত সফল হৈ স্কুল শিক্ষকৰ চাকৰি লাভ কৰিছিল অৱনীশে৷ অভিযোগ অনুসৰি, ঘটনাৰ দিনাখন ঘৰৰ পৰা স্কুললৈ গৈছিল যুৱকজনে৷ হঠাতে প্রায় ১২জন অজ্ঞাত পৰিচয়ৰ লোকে আহি বন্দুক দেখুৱাই অপহৰণ কৰে অৱনীশক৷ গাড়ীত তুলি অৱনীশক এটা মন্দিৰলৈ লৈ যোৱা হয়৷ মন্দিৰত পূর্বৰে পৰা কইনাৰ সাজত ৰৈ আছিল এজনী যুৱতী৷ এই কইনাৰ সৈতে বলপূর্বক বিয়া পাতি দিয়া হয় অৱনীশক৷ যুৱতীয়ে অৱশ্যে অভিযোগ কৰা অনুসৰি পূর্বৰে পৰা অৱনীশৰ সৈতে তেওঁৰ প্রণয়ৰ সম্পর্ক আছিল যদিও চাকৰি পোৱাৰ পিছত অৱনীশে বিয়া কৰাবলৈ অস্বীকাৰ কৰাৰ বাবেই এনে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলগীয়া হয়৷