নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনপ্রিয় কবিৰ মূল্যৱান বস্তু চুৰি কৰি পুনৰ ওভতাই গ’ল চোৰে

🔹 ‘সাহিত্যপ্রেমী’ চোৰৰ কার্যক লৈ সৰস চর্চা

বিশেষ বাৰ্তা, ১৮ জুলাই : কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ ন’বেল চুৰিৰ ঘটনাই ২০ বছৰ অতিক্রম কৰিছে৷ আজিও ন’বেল বঁটাৰ পদক বিচাৰি পোৱা নাই৷ কিন্তু মহাৰাষ্ট্রত দেখিবলৈ পোৱা গ’ল অন্য এখন ছবি৷ বিখ্যাত কবি এগৰাকীৰ ঘৰৰ পৰা প্রচুৰ পৰিমাণৰ মূল্যৱান সামগ্রী চুৰি কৰি পুনৰ ওভতাই দি গ’ল চোৰে৷ ইয়াৰ সৈতে চিঠি লিখি দুখ প্রকাশ কৰি গ’ল যে চুৰি কৰাৰ বাবে তেওঁ অতি দুঃখিত৷ এনে বিখ্যাত ব্যক্তিৰ ঘৰৰ পৰা চুৰি কৰা উচিত হোৱা নাই বুলি চিঠিখনত উল্লেখ কৰে৷ অকল সেয়াই নহয়, চোৰে এই কথাও উল্লেখ কৰিছে যে বিখ্যাত কবিৰ বহু কবিতা তেওঁ ইতিমধ্যে অধ্যয়ন কৰিছে৷ মহাৰাষ্ট্রৰ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি মাত্র কেইদিনমান পূর্বে চুৰি হৈছিল প্রখ্যাত মাৰাঠী কবি নাৰায়ণ সুৰভৰ বাসগৃহত৷ এলইডি টিভিসহ একাধিক মূল্যৱান বস্তু চোৰে চুৰি কৰি নিছিল৷ মাৰাঠী সাহিত্যত অন্যতম স্মৰণীয় নাম হৈছে নাৰায়ণ সুৰভ৷ শ্রমজীৱী মানুহৰ কথা নিজৰ কবিতাৰ জৰিয়তে তুলি ধৰিছিল তেওঁ৷ অনাথ নাৰায়ণৰ আৰম্ভণিৰ জীৱন অতি কষ্টকৰ আছিল৷ আনৰ ঘৰত কাম কৰি কবিগৰাকীয়ে জীৱিকা উলিয়াবলগীয়া হৈছিল৷ সেই কবিগৰাকীৰ ঘৰতেই চোৰে চুৰি কৰি অনুশোচনাত ভোগে৷ ২০১০ চনৰ ১৬ আগষ্টত কবিগৰাকীৰ মৃত্যু হয়৷ মাৰাঠী সাহিত্য জগতত অতি জনপ্রিয় কবিগৰাকী ৰায়গড়ত থকা কন্যা আৰু জোঁৱাৱেকৰ বাসগৃহত কেইদিনমান পূর্বে চুৰি হৈছিল৷ ইয়াৰ মাত্র কিছুদিন পিছতেই চোৰে আহি চুৰি কৰি নিয়া সকলো বয়বস্তু ওভতাই থৈ যায়৷ চোৰে এই কথাও চিঠিত লিখি যায় যে কবি নাৰায়ণ সুৰভৰ অধিকাংশ কবিতা তেওঁৰ মুখস্থ আছে৷

You might also like