নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ড বিধানসভাত উমৈহতীয়া দেৱানী বিধিৰ বিধেয়ক গৃহীত

🔹 দেৱভূমিৰ পৰাই দেশত নতুন ইতিহাসৰ সূচনা
🔹 দেশজুৰি চলি থকা ধর্মভিত্তিক বিবাহ আইন-বিবাহ বিচ্ছেদ–উত্তৰাধিকাৰী
আইনৰ সমাপ্তি ঘটিব

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰী : দেৱভূমি উত্তৰাখণ্ডৰ পৰাই দেশত নতুন ইতিহাসৰ সূচনা হ’ল৷ উত্তৰাখণ্ড বিধানসভাত কালি উমৈহতীয়া দেৱানী বিধি চমুকৈ ইউচিচি বিধেয়ক গৃহীত হোৱাৰ লগে লগে দেশত ইতিহাস সৃষ্টি হ’ল৷ স্বাধীনতাৰ পিছত প্রথমবাৰৰ বাবে কোনো এখন ৰাজ্যই ঐতিহাসিক উমৈহতীয়া দেৱানী বিধি বিধেয়ক গৃহীত কৰিলে৷ পৰহি মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে বিধানসভাত ইউচিচি বিধেয়ক দাখিল কৰাৰ পিছত কালি দিনজোৰা বিতর্কৰ অন্তত এই বিধেয়কখন জয় শ্রীৰাম ধ্বনিৰ মাজত মৌখিক ভোটত গৃহীত হয়৷ সকলো ধর্মৰ সকলো নাগৰিকৰ কাৰণে উমৈহতীয়া বিবাহ, বিবাহ বিচ্ছেদ, ভূমি, সম্পত্তি আৰু উত্তৰাধিকাৰৰ ক্ষেত্রত আইন প্রস্তুতৰ বাবে উত্তৰাখণ্ড চৰকাৰে ইউচিচি বিধেয়ক গৃহীত কৰে৷ বিধানসভাত ইউচিচি সন্দর্ভত মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে কয় যে এইখন সাধাৰণ বিধেয়ক নহয়৷ ভাৰত এখন বিশাল দেশ৷ এই দেশখনৰ ৰাজ্যসমূহত অনেক সুবিধা আছে৷ ৰাজ্যই ইতিহাস সৃষ্টিৰে দেশক নতুন গতি দিব পাৰে৷ সমগ্র দেশৰ কাৰণে পথ প্রদর্শক হ’ব পাৰে৷ দেশজুৰি বিভিন্ন ৰাজ্যতো এনে বিধেয়কৰ পৰিকল্পনা–প্রস্তুতি চলি আছে৷ সংবিধান প্রস্তুতকর্তাই আমাক সুবিধা দি গৈছে৷ এই বিতর্কৰ পিছত বিধানসভাত মৌখিক ভোটেৰে বিধেয়কখন গৃহীত হোৱাৰ পিছত মুখ্যমন্ত্রী ধামীয়ে ৰাজ্যবাসী আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ ৰাজ্যবাসী আৰু প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– আজিৰ দিনটো ঐতিহাসিক৷ ইউচিচি গৃহীত হোৱাৰ পিছত ৰাষ্ট্রপতিৰ অনুমোদনৰ বাবে প্রেৰণ কৰা হ’ব৷ ৰাষ্ট্রপতিৰ স্বাক্ষৰৰ পিছতে শীঘ্রে আমি এইখন বলৱৎ কৰিম৷ নাৰী শক্তিৰ বিৰুদ্ধে চলি থকা নির্যাতন প্রতিৰোধ কৰাৰ বাবেই এই বিধেয়কখনৰ অতি আৱশ্যক হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ধামীয়ে কয় যে উমৈহতীয়া দেৱানী বিধিয়ে ধর্ম নির্বিশেষে সকলো নাগৰিকৰ ক্ষমতা নিশ্চিত কৰিব৷ বিশেষকৈ বিবাহ, বিবাহ বিচ্ছেদ, ব্যৱস্থাপনা আৰু উত্তৰাধিকাৰীৰ ক্ষেত্রত সমতা আনিব৷ দেশৰ ভগ্নী আৰু কন্যাৰ প্রতি যুগ যুগ ধৰি চলি অহা বৈষম্যৰ সামৰণি পৰিব৷ দেশৰ অর্ধেক জনসংখ্যাই সমান অধিকাৰ লাভ কৰিব৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, ইউচিচি বিধেয়ক প্রস্তুত কৰাৰ বাবে ইউচিচি কমিটীয়ে ৭২খন সভা অনুষ্ঠিত কৰিছিল আৰু ২ লাখ ৭২ হাজাৰ ব্যক্তিৰ পৰা ই–মেইল আৰু হোৱাটছএপযোগে সমর্থনসহ পৰামর্শ লাভ কৰিছিল৷ ভাৰতীয় জনতা পার্টীৰ বহু আকাংক্ষিত উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সমাজ ব্যৱস্থাত ইতিহাসৰ সূচনা কৰাটো নিশ্চিত৷

উমৈহতীয়া দেৱানী বিধিৰ সাৰাংশ

উমৈহতীয়া দেৱানী বিধি হৈছে ধর্মনির্বিশেষে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী আৰু লিভ ইন ৰিলেচনসহ অন্যান্য বিষয়ত একে আইন৷ দেশজুৰি চলি থকা ধর্মভিত্তিক বিবাহ আইনৰ লগতে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰীৰ আইনো সমাপন ঘটিব৷ এই বিধি অনুসৰি লিভ ইন ৰিলেচনশ্বিপ আইনৰ অধীনত পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ এই ইউচিচি অনুসৰি বাল্য বিবাহত সম্পূর্ণ নিষেধাজ্ঞা থাকিব৷ লগতে বিবাহ বিচ্ছেদৰ কাৰণে উমৈহতীয়া প্রক্রিয়া হ’ব৷ সকলো ধর্মৰ মহিলাৰ বাবে পূর্বপুৰুষৰ সম্পত্তিত সম–অধিকাৰ থাকিব৷ এই বিধেয়ক অনুসৰি মহিলাৰ বিবাহৰ ন্যূনতম বয়স ১৮ বছৰ আৰু পুৰুষৰ ন্যূনতম ২১ বছৰ৷ সকলো ধর্মৰ লোকে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ অন্যথা এই বিবাহ বে–আইনী বিবেচনা কৰা হ’ব৷ বিবাহৰ এটা বছৰৰ পিছত বিবাহ বিচ্ছেদৰ অনুমতি দিয়া নহ’ব৷ ধর্মীয় বিশ্বাস, পৰম্পৰা আৰু উৎসৱৰ নিয়মানুযায়ী পুৰুষ আৰু মহিলাৰ মাজত বিবাহ অনুষ্ঠিত কৰা হ’ব৷ আনন্দ মেৰিজ এক্ট, ১৯০৯ৰ অধীনত সপ্তপদত, আশীর্বাদ, নিকাহ, পৱিত্র বান্ধোন আৰু আনন্দৰ ক্ষেত্রত কোনো সীমাবদ্ধতা নাথাকিব৷ তেনেদৰে বিশেষ বিশেষ বিবাহ আইন, ১৯৫৪ আৰু আর্য বিবাহ উলংঘন আইন, ১৯৩৭ৰ কোনো সীমা নাথাকিব৷

You might also like