বিশেষ বাৰ্তা, ১২ জানুৱাৰী : এক আজব কাণ্ড সংঘটিত হ’ল দিল্লীত। ম’মৰ ৰঙা চাটনিৰ বাবে ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে বিকাশ নামৰ এজন ম’ম বিক্ৰেতা। জানিব পৰা মতে, দিল্লীৰ ফৰছ বজাৰত ম’ম’ খাওঁতে অতিৰিক্ত ৰঙা চাটনি বিচৰাক লৈ এজন ৩২ বছৰীয়া যুৱকৰ মুখত একাধিকবাৰ চোকা অস্ত্ৰৰে আঘাত কৰাৰ অভিযোগ উঠিছে ম’ম’ বিক্ৰেতা বিকাশৰ বিৰুদ্ধে। জানিব পৰা মতে, মোবাইল ভাল কৰা বিপণী এখনত কাম কৰা সন্দীপ নামৰ যুৱকজনে ম’ম’ খোৱাৰ বাবে বিকাশৰ ম’ম দোকানলৈ গৈছিল। সেই সময়তে সন্দীপে অতিৰিক্ত চাটনি বিচৰাত বিকাশৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হ’বলগীয়া হয়। খঙত জ্ঞান হেৰুৱাই সন্দীপক চোকা অস্ত্ৰৰে কেইবাবাৰো আক্ৰমণ কৰে বিকাশে। ঘটনাস্থলীত তেজে তুমৰলি হৈ পৰা সন্দীপক চিকিৎসালয়লৈ লৈ যোৱাত তেওঁৰ মুখত ১০টা চিলাই পৰে আৰু বৰ্তমানেও চিকিৎসালয়ত আছে যদিও সংকটমুক্ত বুলি জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰি অভিযুক্ত বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
প্ৰেৰক দীক্ষিতা শৰ্মা