নিয়মীয়া ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : স্বামীয়ে বিচাৰিছিল চাহ ৷ ইয়াৰ বিপৰীতে ক্ষোভত পত্নীয়ে স্বামীৰ চকুত হানি দিলে কেঁচীৰে৷ অভিযোগ অনুসৰি, ৰক্তাক্ত অৱস্থাত পেলাই থৈ পলায়ন কৰে পত্নীয়ে৷ উত্তৰ প্রদেশৰ বাগপট জিলাত দাম্পত্য কলহৰ চৰম পৰিণতি হিচাপে এই ঘটনা ঘটিছে বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ পত্নীৰ কেঁচীৰ আঘাতত গুৰুতৰভাৱে আহত লোকজনৰ নাম অংকিত৷ ৩ বছৰ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল অংকিত৷ কিন্তু বিয়াৰ পিছৰে পৰা পতি–পত্নীৰ মাজত আৰম্ভ হয় অশান্তি৷ বিভিন্ন ঘৰুৱা সমস্যাক লৈ সঘনে দুয়ো কাজিয়াত লিপ্ত হৈছিল৷ মাত্র কেইদিনমান পূর্বে অভিযুক্ত মহিলাই অংকিত আৰু শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে শাৰীৰিক আতিশয্য চলোৱাৰ অভিযোগ দিছিল আৰক্ষীক৷ আৰক্ষীয়ে শেহতীয়া ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে৷ একাপ চাহৰ বাবে এই হিংস্র আক্রমণৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷