নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউটিউব চাই অস্ত্রোপচাৰ, মৃত্যু ১৫ বছৰীয়া কিশোৰৰ

🔹 চিকিৎসকৰ আজব কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : পেটৰ বিষত কাহিল হৈ পৰিছিল ১৫ বছৰীয়া কিশোৰৰ অৱস্থা৷ গ’ল্ড ব্লাডাৰ অপাৰেচন কৰাৰ সিদ্ধান্ত লয় চিকিৎসকে৷ কিন্তু সেই অস্ত্রোপচাৰ তেওঁ কৰিলে ইউটিউব অনুসৰণ কৰি৷ শেষত কিশোৰজনৰ মৃত্যু হ’ল৷ এই মর্মান্তিক ঘটনা সংঘটিত হৈছে বিহাৰৰ ছাৰাণত৷ মৃত্যু হোৱা কিশোৰ কৃষ্ণ কুমাৰৰ পিতৃয়ে জনাইছে যে পুত্রৰ যন্ত্রণা দেখি তেওঁ পুত্ৰক গণপতি হাস্পতাললৈ লৈ গৈছিল৷ সেই সময়ত কিশোৰজনে বমি কৰি আছিল৷ চিকিৎসা আৰম্ভ হোৱাৰ পিছত বমি কমি যায়৷ ইয়াৰ পিছত চিকিৎসক অজিত কুমাৰ পুৰীয়ে জনায় যে অস্ত্রোপচাৰৰ বিকল্প নাই৷ অজিত কুমাৰ পুৰী প্রকৃততে চিকিৎসক হয় নে নাই, তাক লৈ বিভিন্ন মহলৰ সন্দেহ আছে৷ লক্ষণীয়ভাৱে অস্ত্রোপচাৰৰ পূর্বে অভিভাৱকৰ কোনোধৰণৰ অনুমতিও লোৱা নাছিল পুৰীয়ে৷ কিশোৰজনৰ মৃত্যু হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাস্পতালখনত৷

You might also like