কা–এনআৰচিৰ অধীনত ডিটেনচন কেন্দ্রৰ ব্যৱস্থা নাই, ৰাজ্যসভাত কেন্দ্রীয় মন্ত্রীৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ অধীনত কোনো ডিটেনচন কেন্দ্রৰ ব্যৱস্থা নাই৷ এই মন্তব্য কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰাইৰ৷ কালি ৰাজ্যসভাত এক প্রশ্নৰ লিখিত উত্তৰ দি ৰাজ্যিক গৃহমন্ত্রীয়ে কয়– ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চল প্রশাসনে অবৈধ প্রব্রজনকাৰী আৰু বিদেশীক আবদ্ধ কৰি ৰখাৰ বাবে ডিটেনচন কেন্দ্র স্থাপন কৰে৷
এই অবৈধ প্রব্রজনকাৰী আৰু বিদেশীৰ ভিতৰত যিসকলে বন্দিত্বৰ সময়সীমা অতিক্রম কৰে সেইসকলক ভ্রমণ তথ্যসহ আন তথ্য যুগুত কৰি তেওঁলোকৰ নিজ স্থানলৈ ওভতাই নপঠিওৱালৈকে কেন্দ্রটোত ৰখা হয়৷ আনহাতে, ৰাজ্যিক গৃহমন্ত্রীগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্রীয় পর্যায়ত এন আৰ চি প্রস্তুত কৰাৰ কোনো সিদ্ধান্ত চৰকাৰে গ্রহণ কৰা নাই৷
মন কৰিবলগীয়া যে দেশজুৰি এন আৰ চি ৰূপায়ণ কৰা হ’ব বুলি বিৰোধীয়ে প্রচাৰ চলাই থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে লোকসভাত এনে কোনো সিদ্ধান্ত চৰকাৰে লোৱা নাই বুলি প্রকাশ কৰাৰ পিছত ৰাজ্যসভাত তেওঁৰ মন্ত্রালয়ৰে ৰাজ্যিক মন্ত্রীয়ে পুনৰ দেশজুৰি এন আৰ চি ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে৷
তাৎপর্যপূর্ণ যে উচ্চতম ন্যায়ালয়ে ডিটেনচন কেম্পত ৰখা বিদেশী নাগৰিকৰ বন্দিত্বৰ সময় উকলি যোৱাৰ পিছত শীঘ্রে মুকলি কৰি দি আন কোনো সঠিক স্থানত ৰখাৰ লগতে প্রত্যর্পণলৈকে তেনে লোকৰ চলাচলত প্রতিবন্ধকতা ৰাখিবলৈ নির্দেশ দিয়া বুলিও ৰাজ্যিক গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷
তেনেদৰে ‘কা’ আৰু এন আৰ চিৰ অধীনত ডিটেনচন কেন্দ্রৰ কোনো ব্যৱস্থা নাই বুলি উল্লেখ কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ প্রশাসনেহে অবৈধ নাগৰিকৰ বাবে এনে কেন্দ্র স্থাপন কৰে বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ ডিচেম্বৰৰ পৰাই নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি তীব্র বিৰোধ হৈছিল যদিও কেন্দ্রীয় চৰকাৰে ‘কা’ বলৱতৰ নিজা সিদ্ধান্তত অটল থাকে৷
‘কা’ অনুসৰি চুবুৰীয়া ৰাষ্ট্রৰ পৰা অহা ধর্মীয় সংখ্যালঘু হিন্দু, শিখ, জৈন, বৌদ্ধ, পার্চী আৰু খ্রীষ্টিয়ানক নাগৰিকত্ব প্রদান কৰা হ’ব৷ এই লোকসকলৰ একাংশ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত প্রৱেশ কৰি বসবাস কৰি আহিছে৷ আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতত প্রৱেশ কৰা উল্লেখিত ৬ ধর্মীয় সংখ্যালঘুৱে নাগৰিকত্ব লাভ কৰিব৷ ইপিনে, ‘কা’ আৰু এন আৰ চিৰ মাজত কোনো সম্পর্ক নাই বুলিও উচ্চ সদনত স্পষ্ট কৰি দিয়ে ৰাজ্যিক গৃহমন্ত্রীগৰাকীয়ে৷