নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেহফিল মে তেৰে, হম না ৰহে জো, ‘ফান’ তোহ নহী হ্যে… বলীউড তাৰকাৰ বিবাহৰ অংশ হৈ পৰা কণ্ডম ব্ৰেণ্ডটো…

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ মেহফিল মে তেৰে, হম না ৰহে জো, ‘ফান’ তোহ নহী হ্যে…। আমি অসমীয়াই অসমীয়া নতুন বছৰ তথা ব’হাগ বিহুৰ আনন্দ উপভোগ কৰি থকাৰ সময়তে বলীউডৰ এখন বহুচৰ্চিত বিবাহ সম্পন্ন হৈ গ’ল। অৱশ্য়ে এই বিয়াখনৰ সকলো আয়োজন খুব মনে মনে কৰা হৈছিল। আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমক কোনো কথাই জনোৱা হোৱা নাছিল। ব’হাগৰ প্ৰথম দিনটোতে সম্পন্ন হ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিয়া। নৱদম্পত্তিক বিয়াৰ শুভেচ্ছা দিয়া কাম এতিয়াও চলি আছে অনুৰাগীৰ মাজত। তাৰ মাজতে তেওঁলোকক এটি গীতৰ কলিৰে শুভেচ্ছা জনালে কণ্ডম ব্ৰেণ্ড ডিউৰেক্সে।

ৰণবীৰে অভিনয় কৰা ছবি এখনৰ গীতেৰেই এই শুভেচ্ছাবাণী প্ৰেৰণ কৰা হৈছে। ডিউৰেক্সৰ এনে শুভেচ্ছাবাণীয়ে সকলোকে আনন্দৰ খোৰাক দিছে। উল্লেখনীয় যে, ডিউৰেক্স কণ্ডম ব্ৰেণ্ড এতিয়া হৈ উঠিছে তাৰকা-চেলিব্ৰিটীৰ বিবাহৰ অংশ। নিজৰ ব্যৱসায় বিস্তাৰৰ বাবে তেওঁলোকে এই সুকীয়া কৌশল লৈছে। ইয়াৰ আগতে কেটৰিণা আৰু বিকি কৌশলকো তেওঁলোকৰ বিয়াৰ সময়ত অভিনন্দন জনাই লিখিছিল- অগৰ হমে নহী বুলায়া তো জৰুৰ য়েহ মাজাক হোগা…।

একেদৰে বিৰাট কোহলী আৰু অনুস্কা শৰ্মাক শুভেচ্ছা জনাই লিখিছিল- ‘Congratulations Anushka & Virat, let nothing come between you except…’ well you know! সন্তানৰ আগমনৰ প্ৰস্তুতিত ব্যস্ত অভিনেত্ৰী ছোনম কাপুৰ আৰু আনন্দ আহুজাৰ বিয়াৰ সময়ত ডিউৰেক্সে লিখিছিল- ‘Congrats Sonam & Anand, We’ve got you covered.’দিপীকা পাডুকোন-ৰণবীৰ সিং, প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ বিবাহৰ সময়তো শুভেচ্ছা জনাবলৈ পাহৰা নাছিল ডিউৰেক্সে।

You might also like