নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ কাশ্মীৰৰ নাম সলনিৰ চিন্তা–চর্চা বিজেপিৰ

🔹 কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বক্তব্যত ইংগিত

নিউজ ডেস্ক, ৪ জানুৱাৰী : নাম সলনি কৰাৰ ৰাজনীতিত সিদ্ধহস্ত বিজেপি৷ ইতিমধ্যে বিভিন্ন ৰাজ্যত অনুষ্ঠান–প্রতিষ্ঠানৰ লগতে চহৰৰ নাম সলনি কৰি আহিছে বিজেপিয়ে৷ এইবাৰ নাম সলনিৰ ৰাজনীতিৰ বাবে বিজেপিৰ মিছন হ’ব কাশ্মীৰ! এনে ইংগিত পোৱা গ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বক্তব্যত৷ গৃহমন্ত্রীগৰাকীয়ে ইংগিত দিছে যে আগন্তুক দিনত কাশ্মীৰৰ নাম সলনি কৰি বৈদিক যুগৰ ঋষি কাশ্যপৰ নামেৰে নামকৰণ কৰা হ’ব পাৰে৷ পৰহি দিল্লীত ‘জম্মু–কাশ্মীৰ এণ্ড লাডাখ থ্রু দ্য এজেছ’ শীর্ষক এখন গ্রন্থ উন্মোচন কৰে অমিত শ্বাহে৷ এই অনুষ্ঠানত অমিত শ্বাহে উল্লেখ কৰে– ‘আমি সকলোৱে জানো যে কাশ্মীৰক কাশ্যপৰ ভূমি বুলি কোৱা হয়৷ এনে হ’ব পাৰে যে কাশ্যপৰ নামেৰে কাশ্মীৰ নাম আহিছে৷’ এই বক্তব্যৰ পিছতে আৰম্ভ হৈছে বিভিন্ন মহলত চর্চা৷ ধাৰণা কৰা হৈছে যে গেৰুৱা শিবিৰে কাশ্মীৰৰ নাম সলনি কৰি কাশ্যপ কৰিব পাৰে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তাৰেই ইংগিত দিয়া বুলিও বিভিন্নজনে চর্চা চলাইছে৷ এই অনুষ্ঠানত অমিত শ্বাহে উল্লেখ কৰে যে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ হোৱাটোক লৈ সকলো আনন্দিত৷ ইফালে, কাশ্মীৰ উন্নয়নৰ পথেৰে আগবাঢ়িবলৈ লোৱা বুলি উল্লেখ কৰি শ্বাহে কয় যে কাশ্মীৰতো গণতন্ত্র প্রতিষ্ঠিত হৈছে৷ কাশ্মীৰত যি হেৰুওৱা গৈছে, সেয়া শীঘ্রে ওভতাই পোৱা যাব বুলিও আশা প্রকাশ কৰে গৃহমন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদীৰ উদ্যোগত কেন্দ্রীয় চৰকাৰে কাশ্মীৰী, ডোগ্রি, বাল্টি আৰু ঝাস্কৰি ভাষাক স্বীকৃতি দিয়া বুলি মন্তব্য কৰে অমিত শ্বাহে৷ ইফালে, ইতিহাসবিদসকলকো সমালোচনা কৰে অমিত শ্বাহে৷ মন্ত্রীগৰাকীয়ে কয় যে প্রমাণৰ আধাৰত ইতিহাস লিখিব লাগিব৷ শাসকৰ আনন্দৰ বাবে ইতিহাস লিখা দিন উকলিল বুলিও মন্তব্য কৰে শ্বাহে৷

You might also like