চলিত বর্ষত বলৱৎ নহয় নাগৰিকত্ব আইন
নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ বিতর্কিত নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিধি–নিয়ম প্রস্তুত কৰাক লৈ এতিয়াও দ্বিধাগ্রস্ত নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রৰ বিজেপি চৰকাৰ৷ সংসদৰ অনুমোদন লাভ কৰাৰ ডেৰ বছৰ পাছতো ‘কা’ৰ বিধি–নিয়ম এতিয়াও কিয় প্রস্তুত নহ’ল তাৰ কোনো সদুত্তৰ নাই কেন্দ্রৰ ওচৰত৷ বাস্তৱত চলিত বছৰতো যে ‘কা’ৰ নীতি–নিয়ম প্রস্তুত কৰা নহয় সেই কথা মঙলবাৰে লোকসভাত স্পষ্ট কৰি দিলে কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্রী নিত্যানন্দ ৰায়ে৷
মন কৰিবলগীয়া যে এখন আইন সংসদৰ দুয়ো সদনত অনুমোদন লাভ কৰাৰ ছয় মাহৰ ভিতৰত আইনখনৰ বিধিগত নীতি–নিয়ম প্রস্তুত কৰাটো বাঞ্ছনীয় আৰু উক্ত নীতি–নিয়মসমূহ লোকসভা আৰু ৰাজ্যসভাৰ ছাবর্ডিনেট লেজিছলেচন কমিটীৰ অনুমোদন লোৱাটোও সংসদীয় পৰম্পৰা৷ পিছে সংসদত ‘কা’ অনুমোদন লাভ কৰাৰ বিগত ডেৰ বছৰৰ ভিতৰত কেন্দ্রীয় গৃহ বিভাগে ‘কা’ৰ নীতি–নিয়ম প্রস্তুত কৰাৰ বাবে এতিয়ালৈকে চাৰিবাৰকৈ ছাবর্ডিনেট লেজিছলেচন কমিটীৰ ওচৰত সময়সীমা বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছে৷
মঙলবাৰে লোকসভাত কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত মন্ত্রী ৰায়ে এই সন্দর্ভত কয় যে গৃহ বিভাগে ‘কা’ৰ বিধিগত নীতি–নিয়ম প্রস্তুত কৰাৰ বাবে অহা বছৰ অর্থাত ২০২২ চনৰ ৯ জানুৱাৰীলৈকে সময় বিচাৰি কমিটীৰ ওচৰত আবেদন জনাইছে৷ ইয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰে ‘কা’ ৰ নীতি–নিয়ম প্রস্তুত কৰাৰ বাবে লোকসভাৰ ছাবর্ডিনেট লেজিছলেচন কমিটীৰ ওচৰত যোৱা ৯ এপ্রিললৈকে আৰু ৰাজ্যসভাৰ ছাবর্ডিনেট লেজিছলেচন কমিটীৰ ওচৰত যোৱা ৯ জুলাইলৈকে সময় বিচাৰিছিল৷ পিছে কেন্দ্রীয় গৃহ বিভাগে পুনৰ সময় বিচাৰি কৰা আবেদনখন এতিয়া যথেষ্ট লক্ষণীয় বিষয় হৈ পৰিছে৷
আনহাতে, অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ সাংসদ আব্দুল খালেকে উত্থাপন কৰা আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী ৰায়ে প্রকাশ কৰা মতে, উচ্চতম ন্যায়ালয়ে প্রদান কৰা নির্দেশ অনুসৰি ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বাকী থকা কামখিনি আগবঢ়াই নিয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৰফত ৰাজ্যৰ এন আৰ চি সমন্বয়কক একাধিকবাৰ নির্দেশ প্রদান কৰা হৈছে যদিও বিভিন্ন কাৰণত নাগৰিকপঞ্জীত নাম নথকা ব্যক্তিসকললৈ কিহৰ বাবে সংশ্লিষ্ট ব্যক্তিৰ নাম নুঠিল(rejection slip) তাৰ ব্যাখ্যা দাঙি ধৰাৰ প্রক্রিয়াটো এতিয়াও আৰম্ভ কৰিব পৰা নাই৷ এইক্ষেত্রত কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রীজনে ক’ভিড–১৯ অতিমাৰী আৰু আশ্চর্যজনকভাৱে অসমৰ বান পৰিস্থিতিৰ দোহাই দিয়া পৰিলক্ষিত হয়৷