🔹 দুষ্প্রাপ্য অলিভ ৰিডলেৰ অস্তিত্বলৈ ভাবুকি
নিউজ ডেস্ক, ২৮ জানুৱাৰী : তামিলনাডুৰ চেন্নাইৰ উপকূলত ভয়াৱহ ঘটনা৷ ৰহস্যজনকভাৱে মৃত্যু হৈছে দুষ্প্রাপ্য অলিভ ৰিডলে প্রজাতিৰ সহস্রাধিক কাছৰ৷ প্রশান্ত আৰু ভাৰত মহাসাগৰৰ বাসিন্দা এই কাছৰ প্রজাতি ‘বিপদাপন্ন’ বুলি ইতিমধ্যে চিহ্ণিত কৰা হৈছে৷ মাত্র এমাহৰ ভিতৰত চেন্নাইৰ সমুদ্র তীৰত সহস্রাধিক মৃত অলিভ ৰিডলে কাছ উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ এই ঘটনাই বন্যপ্রাণী অধিকাৰ কর্মীসকলৰ মাজত সৃষ্টি কৰিছে উদ্বেগ৷ এই ধৰণৰ কাছক তামিল ভাষাত ‘পাংগুনি আমাই’ বুলি কোৱা হয়৷ স্থানীয় লোকসকলে এই নামেৰে কাছবিধক চিনি পায়৷ ১৯৭২ চনত বন্যপ্রাণী সংৰক্ষণ আইনৰ অধীনত বিপদাপন্ন অলিভ ৰিডলে প্রজাতিৰ কাছক চিহ্ণিত কৰা হৈছে৷ লক্ষণীয়ভাৱে তামিলনাডু চৰকাৰ আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে দীর্ঘদিন ধৰি এই প্রজাতিৰ কাছসমূহক সংৰক্ষণৰ চেষ্টা চলাই আহিছে৷ কাছবিধৰ কণী সংগ্রহ, কণীৰ পৰা পোৱালি ফুকোৱালৈকে সহায় কৰি আহিছে স্বেচ্ছাসেৱী সংগঠনে৷ লক্ষণীয়ভাৱে এই কাছৰ পোৱালি ফুকাই পুনৰ সমুদ্রত এৰি দিয়াৰ বাবে বিভিন্ন আঁচনিও গ্রহণ কৰিছে তামিলনাডু চৰকাৰে৷ বিষয়টোক লৈ চৰকাৰ তথা স্বেচ্ছাসেৱী সংস্থাসমূহে বিভিন্ন দায়িত্ব পালন কৰি অহাৰ মাজতে সহস্রাধিক এনে কাছৰ মৃত্যুক লৈ তামিলনাডু চৰকাৰেও উদ্বেগ প্রকাশ কৰিছে৷ স্মর্তব্য যে অলিভ লিডলে কাছৰ ১,০০০ কণীৰ ভিতৰত পোৱালি ফুকালে প্রাপ্তবয়স্কলৈ মাত্র ১টা বা দুটা কাছহে জীয়াই থাকে৷ গতিকে, ইয়াক সংৰক্ষণ কৰাটো যথেষ্ট কঠিন৷ ইফালে, বন্যপ্রাণী অধিকাৰ কর্মীসকলে কাছৰ এনে ৰহস্যজনক মৃত্যু নজিৰবিহীন বুলি অভিহিত কৰিছে৷ বন্যপ্রাণী অধিকাৰ কর্মীসকলৰ মতে, মৃত্যু হোৱা মাত্র ১০ শতাংশ কাছহে সমুদ্র তীৰলৈ উটি আহিছে৷ অর্থাৎ ৫ সহস্রাধিক কাছৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে বন্যপ্রাণী অধিকাৰ কর্মীসকলে৷