🔹 গানৰ প্রচাৰ–জনপ্রিয়তা লাভৰ কৌশল
নিউজ ডেস্ক, ১৪ নৱেম্বৰ : অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এইবাৰ গ্রেপ্তাৰ কৰা হ’ল অভিনেতাগৰাকীৰ আসন্ন ছবিৰ গীতিকাৰক! অভিযোগ অনুসৰি বিষ্ণই গেঙৰ নাম লৈ গীতিকাৰজনে ছলমান খানক হত্যাৰ ভাবুকি দিছিল৷ আনকি সন্দেহৰ তালিকাৰ পৰা নিজৰ নাম আঁতৰাই ৰাখিবলৈ নিজেই নিজকে ভাবুকি বার্তা পঠিয়াইছিল৷ কিন্তু শেষ ৰক্ষা নহ’ল৷ কর্ণাটকৰ পৰা গ্রেপ্তাৰ কৰা হৈছে ২৪ বছৰ বয়সীয়া এই যুৱকজনক৷ ঘটনাৰ সূত্রপাত যোৱা ৭ নৱেম্বৰত৷ মুম্বাই ট্রেফিক ক’ন্ট্ৰল ৰুমৰ হেল্পলাইন নম্বৰলৈ এটা ভাবুকি বার্তা আহে৷ তাত কোৱা হয় যে ৫ কোটি টকা নিদিলে ছলমান খান আৰু তেওঁৰ আগন্তুক ছবিৰ ‘মে ছিকন্দৰ হু’ গীতটিৰ গীতিকাৰ ছোহেল পাছাক হত্যা কৰা হ’ব৷ লক্ষণীয় যে গীতিকাৰগৰাকী ভৱিষ্যতে আৰু গান লিখিব পৰা অৱস্থাত নাথাকিব বুলি উল্লেখ কৰি সাহস থাকিলে ছলমানক গীতিকাৰজনৰ জীৱন ৰক্ষা কৰিবলৈও ভাবুকি দিয়ে৷ ইয়াৰ পিছতে মুম্বাই আৰক্ষীৰ মাজত সৃষ্টি হয় হাহাকাৰ৷ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত৷ শেষত জানিব পৰা যায় যে ভাবুকি বার্তাটো ছোহেলে নিজেই পঠিয়াইছে৷ পৰহি সন্ধিয়া ছোহেলক কর্ণাটকৰ রায়চূড়ৰ পৰা গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ স্মর্তব্য যে নিজৰ লিখা গানৰ প্রচাৰৰ লগতে জনপ্রিয়তা লাভৰ বাবে এই পথ গ্রহণ কৰিছিল বুলি ছোহেলে আৰক্ষীক জানিবলৈ দিয়ে৷