নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইম–১০০ সমীক্ষা: মেছিক অতিক্রম কৰি ২০২৩ৰ তালিকাৰ শীর্ষত ছুপাৰষ্টাৰ শ্বাহৰুখ খান

  • লি’নেল মেছিক অতিক্রম কৰি টাইম মেগাজিনৰ পাঠকৰ সমীক্ষাত ৪ শতাংশ ভোটেৰে শীর্ষত শ্বাহৰুখ খান

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল:  প্রখ্যাত মেগাজিন টাইম–১০০ৰ সমীক্ষা ২০২৩ৰ তালিকাৰ শীর্ষত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ টাইম মেগাজিনৰ পঢ়ুৱৈৰ সমীক্ষাত চাৰি শতাংশ ভোটেৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ১ নম্বৰ স্থান লাভ কৰে৷ অর্থাৎ টাইম–১০০ সমীক্ষাত জয়ী হয় শ্বাহৰুখ খান৷ বিশ্ববিশ্রুত ফুটবল মহাতাৰকা লি’নেল মেছিক অতিক্রম কৰি বলীউডৰ অভিনেতা শ্বাহৰুখ খানে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হয়৷ বিশ্বজুৰি পঢ়ুৱৈৰ পৰা লাভ কৰা ১.২ নিযুত ভোটৰ ভিতৰত চাৰি শতাংশ শ্বাহৰুখ খানে লাভ কৰাৰ বিপৰীতে নিজৰ অধিকাৰৰ বাবে প্রতিবাদ কৰা ইৰানৰ মহিলাই তিনি শতাংশ ভোটেৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আনপিনে ২০২০ চনত পাদুর্ভাৱ ঘটা ক’ভিড মহামাৰীৰ অগ্রণী কর্মীসকলে দুই শতাংশ ভোটেৰে তৃতীয় স্থান লাভ কৰিছে৷ ৰাজকুমাৰ হেৰী আৰু মেগন মার্কেলে ১.৯ শতাংশ ভোটেৰে চতুর্থ স্থান লাভ কৰে৷ মন কৰিবলগীয়া যে বিশ্ববিজয়ী ফুটবলাৰ লি’নেল মেছিয়ে ১.৮ শতাংশ ভোটেৰে পঞ্চম স্থান লাভ কৰে৷ পঢ়ুৱৈৰ সমীক্ষাত টাইম–১০০ৰ তালিকা প্রকাশ কৰাৰ পিছত মেগাজিনখনে ২০২৩ বর্ষৰ বিশ্বৰ সবাটোকৈ শক্তিশালী ব্যক্তিৰ তালিকা প্রকাশ কৰিব৷ উল্লেখ্য যে বলীউডৰ তাৰকা শ্বাহৰুখ খানৰ শেহতীয়া ছবি ‘পাঠান’–এ বিশ্বজুৰি এহেজাৰ কোটিতকৈ অধিক টকা উপার্জন কৰি চলচ্চিত্র জগতৰ অন্যতম জনপ্রিয় তাৰকা হিচাপে স্বীকৃতি লাভৰ পিছতেই টাইমৰ সমীক্ষাত শীর্ষস্থান লাভ কৰে৷

You might also like