ধুমপান কৰা লোকসকলৰ ক’ৰোনাত সংক্ৰমতি হৈ মৃত্যু হোৱা সম্ভাৱনা অধিক
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ধুমপান কৰা লোক সকলৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কাৰণ ধুমপান কৰা হাতেৰে মুখলৈকে ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক হয়। মন্ত্ৰালয়ে নিজৰ দস্তাবেজ COVID-19 Pandemic and Tobacco Use in India ত উল্লেখ কৰিছে য’ত বিশেষজ্ঞ সকলে জানিবলৈ দিছে যে ধুমপান কৰা লোক সকলৰ ক’ৰোনাৰ গভীৰ লক্ষণ বিকশিত হ’ব পাৰে আৰু মৃত্যু হোৱাৰ সম্ভাৱনাও অধিক। কাৰণ ভাইৰাছে পোনপটীয়াকৈ হাওঁফাওঁ ত আক্ৰমণ কৰে।
স্বাস্থ্য মন্ত্ৰালয়ে সতৰ্ক কৰি দিয়ে যে ধুমপান কৰা লোক সকলৰ আঙুলিৰ দি সম্ভৱত দূৰ্ষিত ছিগাৰেট উঠৰ লগত সম্পৰ্ক হয় য’ত হাতৰ পৰা মুখলৈকে ভাইৰাছ বিকশিত হোৱাৰ সম্ভাৱনা থাকে। আনহাতে ধুমপান কৰা লোক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা হেৰুৱাই পেলাই। ধুমপানৰ ধোৱাত বিভিন্ন প্ৰকাৰৰ ৰাসায়ন মিহলি হৈ থাকে যাৰ বাবে দেহৰ বিভিন্ন প্ৰকাৰৰ প্ৰতিৰক্ষা কোষ নিষ্ক্ৰিয় হৈ যায়।
ধুমপানে হাওঁফাওঁৰ কাৰ্যকো বাধা দিয়ে। যাৰ পৰিপেক্ষিতত শৰীৰে বিভিন্ন বেমাৰৰ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাই।