নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাদাৰে প্ৰস্তুত কৰিছে ক’ৰোনাৰ ভেকচিন! মানৱ পৰীক্ষণৰ বাবে আবেদন

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ দৈনিক ক’ৰোনাৰ ভেকচিনৰ সম্বন্ধে তথ্য ন ন পোহৰলৈ আহিছে। ভেকচিন প্ৰস্তুক কৰিবলৈ বিশ্বৰ বৈজ্ঞানিক সকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে এটা আচৰিত খবৰে সকলোৰে চকু কপালত উঠিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰ অনুসৰি কোভিডৰ ভেকচিন প্ৰস্তুত কৰিবলৈ এতিয়া ছিগাৰেট বনোৱা কোম্পানীও আগবাঢ়ি আহিছে।

যোৱা এপ্ৰিল মাহত আমেৰিকাৰ এটা ছিগাৰেট বনোৱা কোম্পানীৰ অধীনৰ এটা কোম্পানী বায়প্ৰছেচিঙয়ে মন্তব্য কৰিছিল যে কোম্পানীটোৱে কোভিড-১৯ ৰ ভেকচিন বিকশিত কৰিছে । আৰু এইটো ভেকচিন চাদাৰে প্ৰস্তুত কৰিছে । এতিয়া কোম্পানীটোৱে কৈছে অতি সোনকালে ইয়াৰ মানৱ পৰীক্ষণ আৰম্ভ হ’ব।

লণ্ডনস্থিত লাকী ছিগাৰেট বনোৱা এটা কোম্পানীয়ে দাবী কৰিছে যে চাদাৰ পাতৰ পৰা উলিওৱা প্ৰটিনে দি ভেকচিন বিকশিত কৰিছে।

লাকী লকী ছিগাৰেটৰ মুখ্য মাৰ্কেটিং বিষয়া কিংছলে হুৱীটনে জনাইছে যে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্টেচনক মানৱ পৰীক্ষণৰ কাৰণে অনুমতিৰ আবেদন দিয়া হৈছে, যি কোনো সময়ত এই আবেদন গ্ৰহণ কৰিব পাৰে। লগতে বিষয়া জনে দাবী কৰে যে এই ভেকচিনে প্ৰী-ক্লিনিকেল ট্ৰাইলেত কোভিড-১৯ৰ বিৰোধে ভাল প্ৰদৰ্শন কৰিছে।

কোম্পানীটোৰ দাবী যে চাদাৰ পাতৰ পৰা প্ৰটিন বাহিৰ কৰি কোভিড-১৯ৰ জিনৰ সৈতে মিহলি কৰিছে। ইয়াত জেনেটিক ইঞ্জিনিয়াৰিঙ প্ৰয়োগ কৰি ভেকচিন তৈয়াৰ কৰা হৈছে।

কোম্পানীটোৱে লগতে দাবী কৰিছে যে এনেদৰে ভেকচিন প্ৰস্তুত কৰোতে কম সময় লাগে আৰু যাৰ বাবে বজাৰত সোনকালে মুকলি কৰি দিব পাৰে।

You might also like