আজি পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ’ব বিশাল গ্রহাণু
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ বিশ্বব্রহ্মাণ্ডৰ প্রতিটো মহাজাগতিক ঘটনাই মানৱক উৎকণ্ঠিত কৰি ৰাখে৷ এনে এক মহাজাগতিক ঘটনা কাইলৈ ঘটিব৷ ইজিপ্তৰ গিজাৰ ঐতিহাসিক পিৰামিডতকৈ দুগুণ বৃহৎ গ্রহাণু এটাই কাইলৈ পৃথিৱীৰ সমীপৰে পাৰ হৈ যাব৷ নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্রেচনে (নাছা) নিৰীক্ষণ কৰি থকা ৪৬৫৮২৪ (২০১০ এফ আৰ) নামৰ গ্রহাণুটোৱে আজি পৃথিৱীৰ কক্ষপথৰ সমীপৰে আঁতৰি যাব৷
চেণ্টাৰ ফৰ নিয়াৰ আর্থ অবজেক্ট ষ্টাডিছৰ (চি এন ই অ’ এছ) তথ্য মতে এই গ্রহাণুটোৰ ব্যাস ১২০ মিটাৰ আৰু ২৭০ মিটাৰৰ মাজত হ’ব৷ ইজিপ্তৰ পিৰামিডতকৈ দুগুণ বৃহৎ এই গ্রহাণুটো পৃথিৱীৰ সমীপলৈ আহিলেও ই পৃথিৱী পৃষ্ঠত খুন্দা নামাৰে৷ নাছাৰ মতে গ্রহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ শূন্য সম্ভাৱনাও নাই৷ পৃথিৱীৰ কক্ষপথৰ পৰা ৪.৬ নিযুত মাইলতকৈ অধিক আৰু চন্দ্রতকৈ আমাৰ গ্রহৰ দূৰত্বৰ ১৯ গুণ দূৰত্বৰে কাইলৈ এই গ্রহাণুটোৱে অতিক্রম কৰিব৷ পৃথিৱীৰ কক্ষপথ অতিক্রম কৰিবলগীয়া গ্রহাণু ৪৬৫৮২৪ (২০১০ এফ আৰ) হৈছে এপল’ গ্রহাণুৰ তালিকাভুক্ত৷ এই গ্রহাণুটো প্রতিঘণ্টাত ৩১,৪০০ মাইল বেগেৰে পৃথিৱীক অতিক্রম কৰিব৷
উল্লেখ্য যে ২০১০ চনৰ ১৮ মার্চত কাটালিনা স্কাই ছার্ভেৰ (চি এছ এছ) দ্বাৰা গ্রহাণুটো আৱিষ্কাৰ কৰা হৈছিল৷ গুৰুত্বপূর্ণ যে পৃথিৱী অতিক্রম কৰি যোৱা এই গ্রহাণুটোৱে প্রথম নহয়৷ বিজ্ঞানীসকলৰ মতে প্রতিদিনেই অতি ক্ষুদ্র গ্রহাণুপুঞ্জই পৃথিৱীৰ বায়ুমণ্ডলত খুন্দা খায় আৰু বিস্ফোৰিত হয়৷ ফলত নিশাৰ আকাশত উজ্জ্বল উল্কাপিণ্ড হিচাপে দেখিবলৈ পায়৷