নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড উপকৰ অতিৰিক্ত কৰ আৰোপৰ সম্ভাৱনা

আজি কেন্দ্রীয় বাজেট

নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি সংসদত ২০২১–২২ চনৰ কেন্দ্রীয় বাজেট দাখিল কৰিব৷ মহামাৰীৰ বিৰুদ্ধে বছৰজোৰা যুদ্ধ আৰু দেশজুৰি বিশ্বৰ ভিতৰতে সর্ববৃহৎ গণ টিকাকৰণ অভিযানৰ সময়ত এইবাৰৰ বাজেটলৈ সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷ কিয়নো ক’ভিড–১৯ৰ প্রভাৱত দেশৰ অর্থনীতি দ্রুত হাৰত নিম্নগামী হৈছে৷ বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক সমীক্ষাত উল্লেখ কৰা মতে, চলিত বিত্তীয় বর্ষৰ সমাপ্তিত মুঠ ঘৰুৱা উৎপাদন –৭.৭ শতাংশলৈ সংকুচিত হ’ব যদিও ২০২১–২২ বিত্তীয় বর্ষত এই হাৰ চমকপ্রদভাৱে ১১ শতাংশলৈ বৃদ্ধি পাব৷ এই উত্থানৰ প্রতিচ্ছবি বাজেটত কিধৰণে প্রতিফলিত হয়, সেয়া অর্থনীতিবিদসকলৰ বাবে বিশেষ আগ্রহৰ বিষয় হ’ব পাৰে৷ অনুমান কৰা মতে, এই বছৰ আয়কৰত কোনো সালসলনি ঘটোৱা নহয় যদিও চৰকাৰে উপকৰ আৰু অতিৰিক্ত কৰৰ বোজা জাপি দিব পাৰে৷ ইয়াৰ ভিতৰত ক’ভিড উপকৰ আৰোপ কৰাৰ সম্ভাৱনা সন্দর্ভতো যথেষ্ট আলোচনা হৈছে৷ তথ্য মতে, ২০১৪–১৫ আৰু ২০১৮–১৯ চনৰ ভিতৰত কেন্দ্রই সংগ্রহ কৰা উপকৰ ৫৮,৭৯৭ কোটিৰ পৰা ২,০৯,৫৭৭ কোটিলৈ বৃদ্ধি পাইছে৷ সেইদৰে এই সময়ছোৱাত অতিৰিক্ত সংগৃহীত ধন ৩১,৮৭৯ কোটিৰ পৰা ১,৪২,৫৩০ কোটিলৈ বৃদ্ধি পাইছে৷ ২০২০–২১ বিত্তীয় বর্ষত ১,৭৫,২৭৭ কোটি টকা কেন্দ্রই অতিৰিক্ত কৰ হিচাপে সংগ্রহ কৰিব৷

You might also like