আজি মার্কিন ৰাষ্ট্রপতি নির্বাচন
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ক’ভিডকালীন বিপর্যয়ৰ মাজতে বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাত আজি অনুষ্ঠিত হ’ব দেশখনৰ গণতন্ত্রৰ মহাৰণ হিচাপে চিহ্ণিত ৰাষ্ট্রপতি নির্বাচন৷ কাইলৈ অর্থাৎ ৩ নৱেম্বৰত এই ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব যদিও ভাৰতীয় সময় অনুসৰি নিশাৰ ভাগতহে আৰম্ভ হ’ব ভোটদান প্রক্রিয়া৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ প্রায় ৩৬ ঘণ্টা সময় আছে দেশখনৰ ৰাষ্ট্রপতি নির্বাচনলৈ৷ নির্বাচনৰ প্রাকমুহূর্তত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে অন্যতম বেটেল গ্রাউণ্ড হিচাপে চিহ্ণিত মিচিগান, আয়’ৱা আৰু নর্থ কেৰ’লিনাত চলাইছে বিৰামহীন প্রচাৰ৷ জর্জিয়া আৰু ফ্ল’ৰিডাত জনসাধাৰণক সম্বোধি ট্রাম্পে সামৰণি মাৰিব গণতান্ত্রিক মহাযুদ্ধৰ প্রচাৰ অভিযানৰ৷ ইফালে এই নির্বাচনত ট্রাম্পক তীব্র প্রত্যাহ্বান জনোৱা ডেম’ক্রেটিক দলৰ প্রার্থী জ’ বিডেনে পেঞ্চিলভেনিয়াত চলাই আছে প্রচাৰ৷ পেঞ্চিলভেনিয়া হৈছে ডেম’ক্রেটিক আৰু ৰিপাব্লিকান উভয় দলৰ সবল সাংগঠনিক দুর্গ৷ পেঞ্চিলভেনিয়াত প্রচাৰ চলোৱাৰ পাছতে জ’ বিডেনে পিটছবার্গলৈ যাত্রা কৰিব৷ পিটছবার্গৰ জনসাধাৰণক সম্বোধি বিডেনে সামৰণি মাৰিব হোৱাইট হাউছ দখলৰ প্রচাৰ অভিযানৰ৷ স্মর্তব্য যে ২০১৯ৰ এপ্রিল মাহত এই পিটছবার্গতেই জ’ বিডেনে আৰম্ভ কৰিছিল নির্বাচনী প্রচাৰ৷ লক্ষণীয়ভাৱে নির্বাচনৰ প্রাক্মুহূর্তত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ডাকযোগে ভোটদানৰ বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ পেঞ্চিলভেনিয়াত ডাকযোগে তথা আগতীয়া ভোটগণনাত আইনী ব্যৱস্থা গ্রহণ কৰিব বুলিও হুংকাৰ দিছে ৰাষ্ট্রপতিগৰাকীয়ে৷
ইফালে নির্বাচনৰ প্রাক্ক্ষণত ৰাষ্ট্রীয় সমীক্ষাসমূহত বিডেনতকৈ ট্রাম্প বহু পিছপৰি থকা পৰিলক্ষিত হৈছে৷ সংবাদ সংস্থা ৰয়টাৰে চলোৱা সমীক্ষা অনুসৰি ট্রাম্পে ৪২ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিডেনে ৫১ শতাংশ ভোট লাভেৰে হোৱাইট হাউছৰ শীর্ষ পদ দখলৰ দৌৰত আগবাঢ়ি আছে৷ একে সময়তে নিউয়র্ক টাইমছৰ সমীক্ষা অনুসৰি বিডেনে উইছকনছিন, পেঞ্চিলভেনিয়া, ফ্ল’ৰিডা আৰু আৰিজ’নাত নিজৰ ভেটি সবল কৰিবলৈ সক্ষম হৈছে৷ ডেম’ক্রেটিক প্রার্থীগৰাকীয়ে ২০০৮ চনৰ পাছত এই চাৰিখন প্রদেশত প্রথমবাৰৰ বাবে ৰিপাব্লিকানক অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ দেশখনৰ ৫৯সংখ্যক ৰাষ্ট্রপতি নির্বাচনৰ বাবে ভাৰতীয় মূলৰ লোকসকলেও প্রচাৰ অভিযানত অংশগ্রহণ কৰা পৰিলক্ষিত হৈছে৷ ভাৰতীয় আমেৰিকান সমর্থকসকলে সোমবাৰে ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী জ’ বিডেনৰ পক্ষত বিভিন্ন স্থানত প্রচাৰ কার্যসূচী গ্রহণ কৰিছে৷ বিশেষকৈ যিকেইখন প্রদেশত দুয়োগৰাকী প্রার্থীৰ তীব্র প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে, সেই প্রদেশকেইখনত ভাৰতীয় মূলৰ লোকসকলে প্রচাৰ কার্যসূচী অধিক তীব্রতৰ কৰিছে৷ ৭৪ বছৰীয়া ট্রাম্প আৰু ৭৭ বছৰীয়া জ’ বিডেনে এইবাৰ দেশখনৰ ৰাষ্ট্রপতি নির্বাচনত বিভিন্ন ক্ষেত্রত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকাৰ ইতিহাসত প্রথমবাৰলৈ ৰাষ্ট্রপতি নির্বাচনত ব্যয় হ’ব অধিক পুঁজি৷ দেশখনৰ কেইবাটাও বিশেষজ্ঞ সংস্থাই সদৰী কৰা অনুসৰি ৰাষ্ট্রপতি নির্বাচনত ১,৪০০ কোটি ডলাৰতকৈ অধিক ধন ব্যয় হ’ব৷ লক্ষণীয়ভাৱে প্রথমবাৰলৈ ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে অভাৱনীয়ভাৱে সংগ্রহ কৰিছে নির্বাচনী পুঁজি৷ ইফালে দেশখনত আগতীয়া ভোটদানৰ ক্ষেত্রতো এইবাৰ সৃষ্টি হৈছে নতুন অভিলেখ৷ এতিয়ালৈকে ৯০ নিযুততকৈ অধিক লোকে আগতীয়া ভোটদান কৰিছে দেশখনৰ নির্বাচনত৷আগতীয়া ভোটদানৰ হাৰৰ ওপৰত নির্ভৰ কৰি বিশ্লেষকসকলে ঘোষণা কৰিছে যে শতিকাৰ ভিতৰত আমেৰিকাত ভোটদানৰ নতুন অভিলেখ সৃষ্টি হ’ব এইবাৰ ৰাষ্ট্রপতি নির্বাচনত৷ আমেৰিকাৰ নির্বাচনত ভোটাৰসকলে প্রাদেশিক পর্যায়ৰ প্রতিদ্বন্দ্বিতাত নির্ণায়ক ভূমিকা গ্রহণ কৰে৷ ৰাষ্ট্রীয় পর্যায়তকৈ প্রাদেশিক পর্যায়ত ভোটদানৰ হাৰে প্রার্থী এগৰাকীৰ ভাগ্য নির্ণয় কৰে৷ দেশখনৰ ৰাষ্ট্রপতি নির্বাচিত হ’বলৈ এগৰাকী প্রার্থীয়ে কমপক্ষেও ২৭০টা ভোট লাভ কৰিব লাগে, যাক কোৱা হয় ‘ইলক্টৰেল কলেজ’৷ প্রতিখন আমেৰিকান প্রদেশে নির্দিষ্টসংখ্যক ভোট লাভ কৰে ইয়াৰ জনসংখ্যাৰ ওপৰত নির্ভৰ কৰি৷ স্মর্তব্য যে নির্বাচনৰ পূর্বে ৰাষ্ট্রপতি তথা ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী জ’ বিডেনে জনসাধাৰণৰ সন্মুখত ৮টাকৈ প্রতিশ্রুতি ৰাখিছে৷ এই প্রতিশ্রুতিবোৰৰ ভিতৰত আছে– ক’ভিড–১৯ মহামাৰীৰ অৱসান, নতুন নিয়োগ সৃষ্টি আৰু বিভিন্ন ক্ষেত্রত কৰ কর্তন, চীন সন্দর্ভত ভৱিষ্যৎ কর্মপন্থা, শক্তিখণ্ডক লৈ পৰিকল্পনা, স্বাস্থ্য সেৱা, শিক্ষা, প্রব্রজন আৰু প্রতিৰক্ষা বিষয়ত নতুন কর্মসূচী৷ ডেম’ক্রেটিক প্রার্থী বিডেনে ইয়াৰ উপৰি নির্বিচাৰ সংঘর্ষ, গুলীচালনা আৰু ভাৰতীয়–আমেৰিকান সম্প্রদায় সন্দর্ভত ডেম’ক্রেটিক দলৰ কর্মপন্থাৰ কথা ঘোষণা কৰিছে৷