🔹 ৮ বছৰ পূর্বৰ ছবিৰে আৰক্ষীয়ে চিনাক্ত কৰিলে দুর্ধর্ষ নেতাক
নিউজ ডেস্ক, ২৩ জানুৱাৰী : ছত্তীশগড়ৰ অৰণ্যত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত হৈছে অন্যতম মাওবাদী শীর্ষ নেতা জয়ৰাম ৰামচন্দ্র ৰেড্ডী ওৰফে চালাপতি৷ বিগত কেইবা দশক ধৰি আৰক্ষীৰ চকুত ধূলি দি আছিল চিলাপতিয়ে৷ কিন্তু পৰহি চালাপতিৰ বাবে কাল হ’ল আঠ বছৰ পূর্বে পত্নীৰ সৈতে তোলা এক ছেলফি৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ২০১৬ চনত নিৰাপত্তা বাহিনীৰে সংঘর্ষৰ সময়ত বাজেয়াপ্ত হোৱা বিভিন্ন সামগ্রীৰ মাজত এটা পৰিত্যক্ত ম’বাইল ফোনো আছিল৷ সেই ফোনতেই আছিল চালাপতি আৰু তেওঁৰ পত্নী চৈতন্য ভেংকট ৰবি ওৰফে অৰুণাৰ এক ছেলফি৷ অৰুণা আছিল অন্ধ্র–ওড়িশা ব’ৰ্ডাৰ স্পেচিয়েল জ’নেল কমিটীৰ ডেপুটী কমাণ্ডাৰ৷ মাওবাদীৰ এগৰাকী শীর্ষ নেত্রী হিচাপে অৰুণায়ো বিশেষ পদ লাভ কৰিছিল৷ এই ছবিৰ সূত্র ধৰিয়েই মাওবাদী কেন্দ্রীয় কমিটীৰ সদস্য চালাপতি আৰু তেওঁৰ পত্নীক চিনাক্ত কৰে আৰক্ষীয়ে৷ এই ছেলফি নোপোৱা হ’লে হয়তো চালাপতিক চিনি পোৱাটো কঠিন হ’লহেঁতেন নিৰাপত্তা বাহিনীৰ বাবে৷ স্মর্তব্য যে চালাপতিৰ মূৰৰ দাম নির্ধাৰণ কৰা হৈছিল ১ কোটি টকা৷ এই চেলফিয়ে ওড়িশা–ছত্তীশগড় সীমান্তত অভিযানৰ সময়ত চালাপতিক চিনি উলিওৱাত সুবিধা কৰি দিয়ে আৰক্ষীক৷ গতিকে এই ছেলফিয়েই চালাপতিৰ বাবে কাল হ’ল বুলি অভিহিত কৰিছে নিৰাপত্তা বাহিনীয়ে৷