নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত শীর্ষ মাওবাদী নেতা সুধাকৰ নিহত

🔹 ৪০ লাখ টকা আছিল সুধাকৰৰ মূৰৰ মূল্য

নিউজ ডেস্ক, ৬ জুন : মাওবাদীবিৰোধী অভিযানত পুনৰ বৃহৎ সফলতা নিৰাপত্তা বাহিনীৰ৷ ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে মাওবাদী নেতা নৰ সিংহচলম ওৰফে সুধাকৰ৷ বিজাপুৰৰ ৰাষ্ট্রীয় উদ্যানত নিৰাপত্তা বাহিনীৰ গুলীত মাওবাদীৰ কেন্দ্রীয় কমিটীৰ সদস্য সুধাকৰ নিহত হোৱা বুলি দাবী কৰা হৈছে৷ উল্লেখনীয় যে সুধাকৰ আছিল বিদ্রোহী সংগঠনটোৰ অন্যতম শীর্ষ নেতা৷ দীর্ঘদিন ধৰি চিপিআই (মাওবাদী)ৰ কেন্দ্রীয় কমিটীৰ সদস্য আছিল সুধাকৰ৷ সুধাকৰৰ মূৰৰ মূল্য ঘোষণা কৰি থোৱা হৈছিল ৪০ লাখ টকা৷ তেলেংগানা, ছত্তিশগড় আৰু মহাৰাষ্ট্রত সক্রিয় আছিল সুধাকৰ৷ দীর্ঘদিন ধৰি নিৰাপত্তা বাহিনীয়ে বিচাৰি আছিল সুধাকৰক৷ গোপন সূত্রৰ পৰা তথ্য লাভ কৰাৰ পিছতে কালি পুৱা বিজাপুৰৰ অৰণ্যত অভিযান চলায় নিৰাপত্তা বাহিনীয়ে৷ ছত্তিশগড় আৰক্ষী, চিআৰপিএফ আৰু কেইবাটাও বাহিনীয়ে যৌথভাৱে চলোৱা এই অভিযানত মাওবাদীৰ শীর্ষ নেতাগৰাকী নিহত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যদিও আনুষ্ঠানিকভাৱে নিৰাপত্তা বাহিনীয়ে এই সন্দর্ভত কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাই৷ স্মর্তব্য যে যোৱা সপ্তাহত মাওবাদীৰ শীর্ষ নেতা বাসৱৰাজু নিহত হৈছিল৷

You might also like