নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটি এমত পইচা উলিয়াওঁতে ক’ৰোনাৰ ভয়। অতি শীঘ্ৰেই আহি আছে স্পৰ্শ বিহীন এটিএম !

নিয়মীয়া বাৰ্তা ৮ জুনঃ ক’ৰোনা ভাইৰাছৰ সময়তে সকলোৰে মনত এটা শংকা দেখা দিছে। সেই শংকাটো হৈছে এটি এমৰ পৰা পইচা আনিবলৈ যাওতে যদি ক’ৰোনাত সংক্ৰমিত হয়। এতিয়া আৰু সেই শংকা সোনকালে দূৰ হ’ব, কাৰণ অতি সোনকালে হাতৰে স্পৰ্শ নকৰাকৈ এটি এমৰ পৰা পইচা উলিয়াব পাৰিব। এজীএচ টাঞ্জেক্ট টেকনলজিয়ে স্পৰ্শ বিহীন এটি এম মুকলি কৰিছে। ইয়াৰ জৰিয়তে এটিম ব্যৱহাৰকাৰী সকলে কেৱল QR কোড ৰ জৰিয়তে পইচা উলিয়াব পাৰিব। এই নতুন এটি এম মেচিনত নিজৰ বেংক এপটোৰ জৰিয়তে গ্ৰাহকে QR কোডক  স্কেন কৰি পইচা উলিয়াব পাৰিব।
এই নতুন এটিম মেচিন তৈয়াৰ কৰা কোম্পানী AGSTTL য়ে সমগ্ৰ দেশতে ৭২০০০ হাজাৰতকৈ অধিক এটি এমৰ নেটৱৰ্কৰ পৰিচালনা কৰে।
উল্লেখ্য যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটিএম ব্যৱহাৰ কৰাক লৈ সজাগতাৰ কথা কৈছে। আনহাতে বেংক সমূহেও জনসাধাৰণক মেচেজ আৰু ইমেল কৰি ডিজিটেল মাধ্যমত লেনদেনৰ কাৰণে অনুৰোধ কৰিছে। বেংকৰ পৰা পইচা অনাৰ পিছত ২০ চেকেণ্ডলৈকে গ্ৰাহকক চাবোনেৰে হাত ধুবুলৈ আহ্বান জনাইছে।

You might also like