নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো পৰিয়ালক বছৰি ৬ হাজাৰ টকাৰ প্রতিশ্রুতিৰে তৃণমূলৰ ইস্তাহাৰ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ বিধানসভা নির্বাচনৰ পূর্বে প্রচাৰ অভিযানত উত্তাল হৈ থকা পশ্চিমবংগত তৃণমূল কংগ্রেছে প্রকাশ কৰিছে নির্বাচনী ইস্তাহাৰ৷ কলকাতাৰ কালীঘাটৰ নিজ বাসভৱনৰ পৰাই নির্বাচনী ইস্তাহাৰ প্রকাশ কৰিছে দলটোৰ নেত্রী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷

স্মর্তব্য যে যোৱা ১১ মার্চত তৃণমূলে ইস্তাহাৰ প্রকাশ কৰাৰ কথা আছিল৷ কিন্তু তাৰ এদিন পূর্বে নন্দীগ্রামত আহত হৈ হাস্পতালত ভর্তি হ’বলগীয়া হয় মমতা বেনার্জী৷ বিভিন্ন প্রতিশ্রুতিৰে নির্বাচনী ইস্তাহাৰ ভৰাই পেলাইছে মমতা বেনার্জীয়ে৷

তৃণমূল কংগ্রেছ ৰাজ্যখনত পুনৰ ক্ষমতালৈ আহিলে কিশোৰী–যুৱতীসকলৰ বাবে অধিক বিদ্যালয়–মহাবিদ্যালয় স্থাপনৰ প্রতিশ্রুতি দিছে মমতা বেনার্জীয়ে৷

ইফালে, পুনৰ ক্ষমতালৈ আহিলে দলটোৱে প্রতিটো পৰিয়ালক বছৰি ন্যূনতম ৬ হাজাৰকৈ টকা প্রদান কৰিব বুলিও প্রতিশ্রুতি দিয়া হৈছে ইস্তাহাৰত৷ সাধাৰণ পৰিয়ালক মাহে ৫০০ টকাৰ বিপৰীতে দুর্গত পৰিয়ালসকলক এহাজাৰকৈ টকা মাহত প্রদান কৰা হ’ব বুলিও প্রতিশ্রুতি দিয়া হৈছে তৃণমূল কংগ্রেছৰ ইস্তাহাৰত৷

You might also like