নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত তিনি তালাকৰ ঘটনা ৮২ শতাংশ নিম্নগামী

নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ দেশত মুছলিম সম্প্রদায়ৰ মাজত প্রচলিত বিবাহ বিচ্ছেদৰ কু–প্রথা তিনি তালাকৰ ঘটনা নিম্নগামী হৈছে৷ কেন্দ্রীয় চৰকাৰে তিনি তালাক নিষিদ্ধৰ আইন বলৱৎ কৰাৰ পিছতে এই ঘটনা ৮২ শতাংশ হ্রাস পাইছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে কেন্দ্রীয় সংঘ্যালঘু পৰিক্রমা মন্ত্রী মুক্তাৰ আব্বাছ নাকভিয়ে৷ মুছলিম মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন ২০১৯ বলৱৎ কৰাৰ পিছতেই দেশজুৰি মুছলিম সমাজত কু–প্রথা তিনি তালাকৰ ঘটনা ৮২ শতাংশ হ্রাস পোৱা বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মন্তব্য কৰাৰ লগতে আইন বলৱৎ কৰা ১ আগষ্টক ‘মুছলিম মহিলাৰ অধিকাৰ দিৱস’ হিচাপে আখ্যা দিয়ে৷ ‘তিনি তালাকঃ বৃহৎ সংস্কাৰ সু–ফলাফল’ শীর্ষক এক লেখাত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই তথ্য দাখিল কৰিছে৷ তিনি তালাক নিষিদ্ধৰ আইনখন বলৱৎ হোৱাৰ এবছৰ অহা ১ আগষ্টত অতিক্রম কৰিব৷ উল্লেখ্য যে মন্ত্রীগৰাকীয়ে মুছলিম সমাজত চলিত তিনি তালাক অথবা তালাক–এ বিদ্বৎ বৈধ নহয় বুলি প্রকাশ কৰাৰ লগতে সামাজিক কু–প্রথা তিনি তালাক একাংশ ৰাজনৈতিক দলৰ বাবে ভোটৰ অংক হৈ আহিছিল বুলি কয় মন্ত্রীগৰাকীয়ে৷ তথাকথিত নিৰপেক্ষতাৰ ধ্বজাবাহী কংগ্রেছ, বাঁওপন্থী দল, এছ পি, বি এছ পি আৰু তৃণমূল কংগ্রেছে সংসদৰ মজিয়াত তীব্র বিৰোধ কৰিলেও ২০১৯ চনৰ ১ আগষ্টত ভাৰতীয় সংসদে তিনি তালাকৰ বিৰুদ্ধে বিধেয়ক গৃহীত কৰি ইতিহাস ৰচনা কৰিছিল৷ এই ঐতিহাসিক দিনটোৰ পৰাই মুছলিম মহিলাৰ গণতান্ত্রিক, মৌলিক আৰু সাংবিধানিক অধিকাৰ সবলীকৰণ হোৱাৰ লগতে লিংগ সমতা নিশ্চিত হৈছিল৷ ১ আগষ্টৰ দিনটো ভাৰতীয় গণতন্ত্র আৰু সংসদৰ ইতিহাসত সোণালী দিন হিচাপে চর্চিত হৈ থাকিব বুলি কয় মন্ত্রীগৰাকীয়ে৷

You might also like