নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃদ্ধি পাইছে টুনা, সংকটত হাঙৰ–ড্রেগন

পৃথিৱীৰ পৰা বিলুপ্ত হ’ব দুষ্প্রাপ্য প্রজাতিৰ সামুদ্রিক জীৱঃ আইচিইউএনৰ সমীক্ষা

নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ সমুদ্রত টুনা মাছৰ সংখ্যা বৃদ্ধি পাইছে৷ এই মাছবিধ বিপন্ন প্রজাতিৰ মাছ হিচাপে চিহ্ণিত হৈছিল যদিও শেহতীয়াকৈ আটলাণ্টিক ব্লু ফিন টুনাৰ সংখ্যা বৃদ্ধি পাইছে৷ কিন্তু এটা দশকৰ ভিতৰত দুষ্প্রাপ্য প্রজাতিৰ এই টুনাৰ সংখ্যা বৃদ্ধি পাইছে যদিও ক্রমাৎ হেৰাই যাব ধৰিছে হাঙৰ আৰু ক’মোড’ ড্রেগন৷ ইণ্টাৰনেচনেল ইউনিয়ন ফৰ দ্য কনজাৰভেচন অৱ নেচাৰ (আইচিইউএন)ৰ শেহতীয়া সমীক্ষা অনুসৰি পৃথিৱীৰ পৰা হাঙৰৰ ৩৭টা প্রজাতি বিলুপ্ত হ’ব পাৰে৷ হাঙৰক আটাইতকৈ বিপন্ন সামুদ্রিক জীৱ হিচাপে চিহ্ণিত কৰিছে সংস্থাটোৱে৷

ইয়াৰ মূল কাৰণ হৈছে বর্তমান হাঙৰ যথেষ্ট হাৰত চিকাৰ কৰি থকা হৈছে আৰু জলবায়ু পৰিৱর্তনৰ ফলত হাঙৰৰ বিচৰণ ক্ষেত্র সংকুচিত হৈ আহিছে৷ সমুদ্রৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ক’মোড’ ড্রেগনৰ বসতি অঞ্চলত প্রতিকূল প্রভাৱ পৰিছে৷ আগন্তুক ৪৫ বছৰৰ ভিতৰত ক’মোড’ ড্রেগনৰ ৩০ শতাংশ বসতি অঞ্চল পানীত বুৰ যাব৷ পৰিণতিত এই দুষ্প্রাপ্য প্রজাতিৰ ড্রেগন বিধ পৃথিৱীৰ পৰা হেৰাই যোৱাৰ আশংকাই দেখা দিছে৷ লক্ষণীয়ভাৱে বহু দুষ্প্রাপ্য প্রজাতিৰ প্রাণীৰ অস্তিত্বলৈ জলবায়ু পৰিৱর্তনে কঢ়িয়াই আনিছে ভাবুকি৷ অৱশ্যে বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ টুনা মাছ সংৰক্ষণৰ ক্ষেত্রত সজাগতা সৃষ্টি হোৱাৰ বাবেই এই মাছবিধৰ সংখ্যা আশাব্যঞ্জকভাৱে বৃদ্ধি পাইছে৷

You might also like