নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ বেশত ধনদাবী : দুই সুন্দৰী মহিলাক গ্রেপ্তাৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : মধ্যপ্রদেশৰ ৰেৱাত আৰক্ষী বিষয়াৰ ৰূপেৰে স্থানীয় লোকৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগত দুই সুন্দৰী মহিলাক ৰেৱা আৰক্ষীৰ ৰেড ক’ড দলে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অভিযান চলাই ৰেৱাৰ চিভিল লাইন এৰিয়াৰ পৰা স্থানীয় লোকৰ সহযোগত এই দুই ধুৰন্ধৰ মহিলাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, শুকুৰবাৰে বিয়লি লাডলি পথত দুই মহিলা আৰক্ষীয়ে টহল দি ফুৰাৰ সময়ত ৰেৱা আৰক্ষীৰ ৰেড ক’ড দলে প্রত্যক্ষ কৰে৷ স্থানীয় লোকৰ মতে, এই দুই মহিলাই আৰক্ষীৰ বেশ ধৰি বিগত কিছুদিন ধৰি বিভিন্ন লোকৰ পৰা ধন সংগ্রহ কৰি আহিছে৷ আৰক্ষীয়ে ধৃত মহিলা দুগৰাকীক সোধা–পোছাৰ অন্তত মহিলা দুগৰাকীয়ে আৰক্ষীৰ বেশ লৈ স্থানীয় লোকৰ পৰা ধন সংগ্রহ কৰা বুলি স্বীকাৰ কৰিছে৷ মহিলা দুগৰাকীৰ ভিতৰত এগৰাকীয়ে নিজকে উপ–পৰিদর্শক বুলি চিনাকি দিয়াৰ লগতে আনগৰাকীয়ে কনিষ্টবল বুলি চিনাকি দি বিভিন্ন ব্যক্তিক ধন দাবী কৰাৰ অভিযোগো আছে৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২০৪ আৰু ২০৫ৰ অধীনত গোচৰ ৰুজু কৰিছে৷ আনপিনে এই দলটোত আৰু এগৰাকী মহিলা আছে বুলি ধৃত ভুৱা মহিলা আৰক্ষী দুগৰাকীয়ে প্রকাশ কৰিছে৷

You might also like