নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই অদম্য সাংবাদিকলৈ শান্তিৰ ন’বেল

বাক্ স্বাধীনতাৰ কাৰণে সাহসী যুঁজ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ বাক্ স্বাধীনতাৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিও চলোৱা সাহসী যুঁজক স্বীকৃতি হিচাপে দুই সাংবাদিকলৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ শান্তিৰ ন’বেল বঁটা৷ ফিলিপাইন্ছ আৰু ৰাছিয়াত বাক্ স্বাধীনতাৰ কাৰণে যুঁজ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ কাৰণে অহৰহ সংঘর্ষ চলাই যোৱাৰ বাবে সাংবাদিক মাৰিয়া ৰেছা আৰু ডিমিট্টী মুৰাটোভলৈ আগবঢ়োৱা হৈছে শান্তিৰ সর্বোচ্চ সন্মান৷ ফিলিপাইন্ছত ৰাষ্ট্রপতি ৰড্রিগ’ ডুটের্টেৰা কার্যকালৰ অপশাসনক উদঙাই দিয়া সাংবাদিক মাৰিয ৰেছা আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ কার্যকালত বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিৰুদ্ধে সাহসী যুঁজ চলোৱা সাংবাদিক ডিমিট্টী মুৰাটোভলৈ ২০২১ বর্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা বুলি ঘোষণা কৰে নৰৱেৰ ন’বেল কমিটীয়ে৷ কমিটীৰ অধ্যক্ষ বেৰিট ৰেইজ এণ্ডাৰচেনে  দুই সাংবাদিকলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা বুলি বিবৃতিযোগে ঘোষণা কৰে৷

বিবৃতিত সাংবাদিক মাৰিয়া ৰেছা আৰু ডিমিট্টী মুৰাটোভলৈ শান্তিৰ সর্বোচ্চ সন্মান আগবঢ়োৱা বুলি উল্লেখ কৰি অধ্যক্ষ এণ্ডাৰচেনে কয় যে দুয়োগৰাকী সাংবাদিকে বাক্ স্বাধীনতাৰ কাৰণে সাহসী যুঁজ অব্যাহত ৰাখিছে৷ দুয়োগৰাকী সাংবাদিক হৈছে এনে এক বিশ্বৰ প্রতিনিধি, য’ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ কাৰণে প্রতিকূল পৰিস্থিতিৰ সমুখীন হ’বলগীয়া হৈছে৷ বিবৃতিত অধ্যক্ষই উল্লেখ কৰা মতে মুক্ত, স্বতন্ত্র আৰু তথ্য আধাৰিত সাংবাদিকতাৰ সেৱাই ক্ষমতাৰ অপব্যৱহাৰ মিছা আৰু যুদ্ধৰ অপপ্রচাৰক প্রতিৰোধ কৰিব পাৰে৷ তদুপৰি বিবৃতিত উল্লেখ কৰা হৈছে যে বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা অবিহনে ৰাষ্ট্রৰ মাজত বন্ধুত্ব, নিৰস্ত্রীকৰণ আৰু এই সময়ৰ শ্রেষ্ঠতৰ বিশ্বৰ ব্যৱস্থাক সফলতাপূর্বক আগবঢ়াই নিবলৈ কঠিন হয়৷ ন’বেল কমিটীয়ে ফিলিপাইন্ছৰ সাংবাদিক মাৰিয়া ৰেছা সন্দর্ভত বিবৃতিত প্রকাশ কৰা মতে, সাংবাদিক মাৰিয়া ৰেছাই ২০১২ চনত প্রতিষ্ঠা কৰা নিউজ ৱেবছাইট ৰেপলাৰৰ সহঃ প্রতিষ্ঠাতা৷ এই নিউজ ৱেবছাইট ৰেপলাৰৰ জৰিয়তে সাংবাদিক ৰেছাই ফিলিপাইন্ছৰ ৰাষ্ট্রপতি ৰড্রিগ’ ডুটের্টেৰ কার্যকালৰ বিতর্কিত কর্মকাণ্ড, হত্যাকাণ্ড, ভয়াৱহ ড্রাগ্ছৰ বিৰুদ্ধে সৰৱ হৈ আছে৷ সাংবাদিকগৰাকীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি কেনেদৰে শাসক পক্ষই ভুৱা বাতৰি, বিৰোধীক হাৰাশাস্তি আৰু ৰাজহুৱা কার্যকলাপ বিঘ্ণিত কৰিছিল, সেই সন্দর্ভত তথ্যসমৃদ্ধ বাতৰি প্রচাৰ কৰি শাসকপক্ষক শ’লঠেকত পেলাবলৈ সক্ষম হয়৷

বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিৰুদ্ধে অভিসন্ধি চলোৱা কুচক্রৰ বিৰুদ্ধে সাহসী যুঁজ চলাই আছে৷ শান্তিৰ ন’বেলপ্রাপক সাংবাদিক ডিমিট্টী মুৰাটোভ হৈছে ৰাছিয়াৰ সবাতোকৈ স্বতন্ত্র বাতৰিকাকত নভায়া গেজেটাৰ অন্যতম প্রতিষ্ঠাতা৷ ১৯৯৩ চনত স্থাপন হোৱা ৰাছিয়াৰ নভায়া গেজেটা সম্প্রতি দেশখনৰ এখন শক্তিশালী স্বতন্ত্র বাতৰিকাকত৷ ন’বেল কমিটীৰ বিবৃতিত প্রকাশ পোৱা মতে, নভায়া গেজেটা আজিৰ তাৰিখত ৰাছিয়াৰ সবাতোকৈ স্বতন্ত্র বাতৰিকাকত৷ যিখনে শাসকৰ বিৰুদ্ধে জটিল পৰিস্থিতিতো নিজৰ স্থিতিত অটল হৈ থাকে৷ শাসকীয় পক্ষৰ হাৰাশাস্তি, ভাবুকি, হত্যা আৰু হিংসাৰ মাজতো বাতৰিকাকতখন ধাৰাবাহিকভাৱে প্রকাশ কৰি আহিছে৷ উল্লেখ্য যে এই বাতৰিকাকতৰ সৈতে জড়িত ৬জনতকৈ অধিক সাংবাদিকক ইতিমধ্যে হত্যা কৰা হৈছে৷ ৰাছিয়াৰ শাসক ভ্লাডিমিৰ পুটিনৰ কার্যকালত ৬জনকৈ সাংবাদিক হত্যাৰ বলি হ’লেও ডিমিট্টী মুৰাটোভে চলাই গৈছে শাসকপক্ষৰ বিৰুদ্ধে অভিযান৷ বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা বর্তাই ৰাখিবলৈ দুয়োগৰাকী সাংবাদিকে চলাই থকা সংগ্রামক ন’বেল কমিটীয়ে স্বীকৃতি প্রদান কৰাৰ পাছতেই বিশ্বজুৰি সাংবাদিকদ্বয়ক সংবাদ সংস্থাসমূহে অভিনন্দন জনাইছে৷ মন কৰিবলগীয়া যে শান্তিৰ ন’বেল বঁটা যুটীয়াভাৱে প্রথমবাৰলৈ দুগৰাকী সাংবাদিকে লাভ কৰিছে৷

You might also like