নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰাইজৰ পক্ষত আমি

তিনি সমষ্টিত উপ–নির্বাচনৰ প্রচাৰৰ জোৱাৰ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ পাঁচ বিধানসভা সমষ্টিৰ সমাগত উপ–নির্বাচনক কেন্দ্র কৰি ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত সম্প্রতি গৰম বতাহ বলিছে৷ শাসক–বিৰোধী উভয় শিবিৰে তৎপৰতা অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰা তিনি বিধানসভা সমষ্টিৰ দলীয় প্রার্থীক সংগ দি কার্যতঃ নির্বাচনী প্রচাৰৰ জোৱাৰ তুলিলে৷ থাওৰাৰ দলীয় প্রার্থী সুশান্ত বৰগোহাঁয়ে শিৱসাগৰত আৰু মৰিয়নিৰ দলীয় প্রার্থী ৰূপজ্যোতি কুর্মীয়ে তিতাবৰত মনোনয়ন–পত্র দাখিল কৰাৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মা উপস্থিত আছিল৷

সেইদৰে ভৱানীপুৰৰ বিজেপি প্রার্থী ফণীধৰ তালুকদাৰৰ হৈ এখন বিশাল জনসভাতো মুখ্যমন্ত্রী ড০ শর্মাই অংশ লয়৷ উপ–নির্বাচনত সম্ভাব্য ফলাফল সন্দর্ভত সংবাদ মাধ্যমৰ আগত ড০ শর্মাই গুৰুত্বপূর্ণ মন্তব্য কৰি কয় যে এইবাৰৰ উপ–নির্বাচনত আটাইতকৈ আকর্ষণীয় প্রতিদ্বন্দ্বিতা হ’ব গোসাঁইগাঁও আৰু ভৱানীপুৰত৷ থাওৰা, মৰিয়নি আৰু তামুলপুৰত কোনো প্রতিদ্বন্দ্বিতাৰ কথা নাই৷ কিন্তু ভৱানীপুৰ আৰু গোসাঁইগাঁৱত এটা আকর্ষণীয় প্রতিদ্বন্দ্বিতা হ’ব বুলি মোৰ ৰাজনৈতিক পর্যালোচনাই কয়৷ মিত্রজোঁটৰ অন্যতম অংশীদাৰ ইউ পি পি এলে দুটা সমষ্টিত আৰু আন তিনিটা সমষ্টিত বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰাৰ কথা তেওঁ দোহাৰে৷ মুখ্যমন্ত্রী

ড০ শর্মাই তীক্ষ্ণ কটাক্ষ কৰে ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছক৷ কংগ্রেছৰ প্রতি আক্রমণাত্মক হৈ তেওঁ কয় যে ২০১৪–১৫ চনত কংগ্রেছীবিলাকে মোক কৈছিল– মই বিশ্বাসঘাতক৷ তেতিয়া মই কৈছিলোঁ– কংগ্রেছৰ লগত যুঁজ দিয়া মানে ৰাইজৰ লগত যুঁজ দিয়া নহয়৷ আমি অসমৰ ৰাইজৰ পক্ষত৷ কোনো ৰাজনৈতিক দলৰ পক্ষত নহয়৷ সুশান্ত বৰগোহাঁই আজি অসমৰ ৰাইজৰ লগত থিয় হৈছে, থাওৰাবাসীৰ লগত থিয় হৈছে৷ যাতে থাওৰাৰ উন্নয়ন হয়৷ কংগ্রেছ বা আন যিবিলাক দল আছে, তেওঁলোকে থাওৰা সমষ্টিৰ স্বার্থত সুশান্ত বৰগোহাঁইক সমর্থনহে কৰিব লাগে৷ কিন্তু এতিয়া তেওঁলোকে সুশান্ত বৰগোহাঁই বা বিজেপিক হৰুৱাবলৈ গৈ থাওৰাৰ উন্নয়নকহে বিশ্বাসঘাতকতা কৰি গৈ আছে৷ তাৰ মানে থাওৰাৰ কাম হ’ব নালাগে, থাওৰাৰ উন্নতি হ’ব নালাগে৷ গতিকে তেওঁলোকহে বিশ্বাসঘাতক৷ সুশান্ত বৰগোহাঁয়ে থাওৰাৰ নিমখ খাই নিমখ ঘূৰাই দিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ পুনৰ কয় যে সুশান্ত বৰগোহাঁই বিধায়ক হৈয়ে আছিল৷ তেওঁ পদত্যাগ কৰাৰ কি দৰকাৰ আছিল? এজন চাৰি মাহৰ কার্যকালৰ বিধায়কে যেতিয়া পদত্যাগ কৰে, তাৰ কাৰণ সমষ্টিটোৰ প্রতি থকা মৰম৷ নিশ্চয় কিবা এটা কাম কৰিম বুলি তেওঁ পদত্যাগ কৰিব লাগিব৷ আমাৰ মানুহে ভাবে– ৰাজনৈতিক দলৰ প্রতি বিশ্বাস বেছি থাকিব লাগে, ৰাইজৰ প্রতি কম৷ কিন্তু আমাক বিজেপিয়ে শিকাইছে– দেশ আৰু ৰাইজ আগত৷ দল পাছত৷ ভৱানীপুৰত বিজেপি বহু ভোটত জয়ী হ’ব বুলিও তেওঁ দাবী কৰে৷ এই প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য আছিল এনেধৰণৰ– ভৱানীপুৰত বিজেপি আৰু মিত্রদলৰ যি শক্তি, আমি ভালকৈ লাগিলে বহু ভোটত জয়ী হ’ম৷ সেই কাৰণে মই জয়ী হোৱাতকৈ ভোটৰ ব্যৱধানটো বঢ়াবৰ বাবে চেষ্টা কৰাৰ কথা কৈছোঁ৷
মুখ্যমন্ত্রীৰ পদযাত্রাত শিৱসাগৰত জনসমুদ্র
আগন্তুক উপ–নির্বাচনৰ প্রাক্ক্ষণত শুকুৰবাৰে  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্যতঃ নির্বাচনী প্রচাৰেৰে বিজেপি মিত্র দলৰ সপক্ষে ৰণডংকা বজালে৷ শিৱসাগৰত নির্বাচনী প্রচাৰ সভাত থাওৰা সমষ্টিৰ বিজেপি প্রার্থী সুশান্ত বৰগোহাঁইৰ হৈ প্রচাৰ আৰম্ভ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়–থাওৰা বিধানসভা সমষ্টিৰ সর্বাংগীণ বিকাশ আৰু উন্নয়নৰ বাবে বিজেপি চৰকাৰ সদায়েই দায়বদ্ধ৷ ৰাজ্যত অব্যাহত থকা উন্নয়নৰ গতিধাৰাক আৰু অধিক ত্বৰান্বিবত কৰি তোলা হ’ব থাওৰা সমষ্টিত৷ আমি সদায় ৰাইজৰ পক্ষত৷ আগন্তুক পাঁচটা বছৰত থাওৰা সমষ্টিত উন্নয়নৰ জোৱাৰ উঠিব৷ যি উন্নয়নৰ নেতৃত্বত থাকিব সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰী৷ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে শিৱসাগৰ নির্বাচনী জিলাৰ ১০৭নং থাওৰা সমষ্টিৰ বিজেপিৰ প্রাৰ্থী সুশান্ত বৰগোহাঁইৰ মনোনয়ন দাখিল পর্বত উপস্থিত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই থাওৰা সমষ্টিৰ বিজেপিৰ প্রক্ষেপিত প্রাৰ্থী সুশান্ত বৰগোহাঁই আৰু প্রাক্তন বিধায়ক কুশল দুৱৰীৰ যুটিক এক নতুন মাত্রা প্রদান কৰি আগন্তুক দিনত থাওৰা সমষ্টিত আৰম্ভ হ’বলগীয়া উন্নয়নৰ গতিধাৰাৰ মূল চালক আখ্যা দিয়াৰ লগতে থাওৰা সমষ্টিৰ উন্নয়নৰ ধাৰাৰ গাডীখন চলাই নিয়াৰ সময়ত যিমান ইন্ধনৰ প্রয়োজন হ’ব, সিমানেই ইন্ধন বিজেপি চৰকাৰে যোগান ধৰিব বুলি মন্তব্য কৰে৷ থাওৰা সমষ্টিৰ বিজেপিৰ প্রাথ্ সুশান্ত বৰগোহাঁইক কইনা আৰু প্রাক্তন বিধায়ক কুশল দুৱৰীক দৰা আখ্যা দিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই মধুৰ যুটিৰ বিয়াখন থাওৰাবাসীয়েই পাতি দিব লাগিব বুলি মন্তব্য কৰে৷ বিজেপিয়ে কথাত নহয়, কাম কৰা মানুহকহে বিশ্বাস কৰে বুলি মন্তব্য কৰা মুখ্যমন্ত্রীগৰাকীয়ে দল পাছত, প্রথম দেশ, সমষ্টিবাসী আৰু ৰাইজ বুলি গুৰুত্বপূর্ণ মন্তব্য কৰে৷ উল্লেখ্য যে মনোনয়ন–পত্র দাখিলৰ আজি অন্তিম দিনা

বিজেপি প্রাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে হেলিকপ্ঢাৰেৰে আহি শিৱসাগৰত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মনোনয়ন দাখিল অনুষ্ঠানৰ পূর্বে বর্ডিং খেলপথাৰত আয়োজিত এখন ৰাজহুৱা সভাতো অংশগ্রহণ কৰে৷ বিজেপি নেতা ৰূপম গোস্বামী আৰু সুভাষ দত্তই আঁত ধৰা অনুষ্ঠানটোত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছৰ পৰা বিধায়ক হিচাপে বিজয়ী হোৱাৰ পাছতো একমাত্র থাওৰা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ বাবে বিধায়ক পদ ত্যাগ কৰি বিজেপি প্রাথ্ হিচাপে সুশান্ত বৰগোহাঁয়ে নির্বাচনী যুঁজত নামিছে বুলি মন্তব্য কৰে৷ সমষ্টিবাসীৰ নিমখ খাই এতিয়া সেই নিমখৰ প্রতিদান দিয়াৰ গুৰুভাৰ সুশান্ত বৰগোহাঁইৰ কান্ধত আহি পৰিছে৷ নির্বাচনৰ পূর্বে থাওৰা সমষ্টিৰ অর্ন্তগত বিশখন পঞ্চায়তৰ ভিতৰত দহখন সভাত অংশগ্রহণ কৰিব বুলি মন্তব্য কৰা মুখ্যমন্ত্রীগৰাকীয়ে থাওৰাবাসীৰ সকলো সমস্যা নিজে সমাধানৰ বাবে প্রতিশ্রুতি প্রদান কৰে৷ থাওৰাবাসী ৰাইজক ইমানদিনে ভোগ কৰি অহা সমস্যাসমূহ লিখি ৰাখি মুখ্যমন্ত্রীগৰাকীক অর্পণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্রতিখন গাঁৱৰ প্রতিজন ব্যক্তিৰ প্রতিটো সমস্যা সমাধানৰ ক্ষেত্রত দায়বদ্ধ বুলিও স্পষ্ট কৰি দিয়ে৷

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত অসমৰ পৰা আগন্তুক পাঁচটা বছৰত অসমৰ বুকুৰ পৰা সকলো ধৰণৰ অনিয়ম, দুন্তি, দালালৰাজ নিঃশেষ হৈ যাব বুলি স্পষ্ট কৰি দিয়াৰ লগতে ইয়াৰ নমুনাসমূহ ৰাইজে ইতিমধ্যে প্রত্যক্ষ কৰিছে আৰু আগন্তুক দিনকেইটাতো ৰাইজে প্রত্যক্ষ কৰিব বুলি মত প্রকাশ কৰে৷ অসমৰ কোনো চৰকাৰী কার্যালয় অথবা আন কাম–কাজত দালালৰ স্থান নাই বুলি স্পষ্ট কৰি দিয়া মুখ্যমন্ত্রীগৰাকীয়ে দালালৰ স্থান এতিয়া কাৰাগাৰ বুলি প্রকাশ কৰে৷ আনহাতে মুখ্যমন্ত্রীগৰাকী শিৱসাগৰত উপস্থিত হোৱাৰ সময়ত থাওৰা সমষ্টিৰ চাহ শ্রমিকসকলে ঝুমুৰ নৃত্য, মিচিং জনগোষ্ঠীয় নৃত্য প্রদর্শন কৰে৷
তিতাবৰত ৰূপজ্যোতিৰ মনোনয়নৰ সময়ত মৰিয়নিৰ ৰাইজৰে বার্তালাপ মুখ্যমন্ত্রীৰ
‘কংগ্রেছ–খিল গগৈৰ নৃত্য–নাটিকা চাবলৈ মোৰ সময় নাই৷ মোৰ এতিয়া ৰাজ্য উন্নয়ন কৰাৰ সময়৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শুকুৰবাৰে তিতাবৰত মৰিয়নি সমষ্টিৰ উপ–নির্বাচনৰ বিজেপিৰ প্রার্থী ৰূপজ্যোতি কুর্মীৰ মনোনয়ন–পত্র তিতাবৰ নির্বাচনী বিষয়াৰ কার্যালয়ত দাখিল কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে৷ লগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত নির্বাচন আকর্ষণীয় হ’ব যদিও বাকী তিনিটা সমষ্টিত কোনো প্রতিদ্বন্দ্বিতা নহয়৷ পাঁচটা সমষ্টিতে বিজেপিৰ প্রার্থী বিজয়ী হ’ব৷

আনহাতে পাঁচ বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ল যদিও মাজুলীত উপ–নির্বাচন অনুষ্ঠিত নোহোৱাত সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে মাজুলীত অহা দুমাহৰ ভিতৰত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ ৰূপজ্যোতি কুর্মীৰ হাজাৰ হাজাৰ সমর্থকৰ ফলত তিতাবৰ নগৰত ঘণ্টা ঘণ্টা ধৰি ব্যাপক যান–জঁট হয়৷ মনোনয়ন যাত্রাৰ ৰূপজ্যোতি কুর্মীক আজি সংগ দিয়ে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, মন্ত্রী অতুল বৰা, পীয়ূষ হাজৰিকা, সঞ্জয় কিষাণ, বিধায়ক ভবেন ভৰালী, বিশ্বজিৎ ফুকন, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাই৷ ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই থাওৰা সমষ্টিৰ পৰা হেলিকাপ্ঢাৰত আহি ৰূপজ্যোতিৰ মনোনয়ন–পত্র দাখিল কৰি তিতাবৰ বেছিক ৰোডত ৰূপজ্যোতিৰ লগত অহা হাজাৰ হাজাৰ লোকৰ মাজত সোমাই ৰাইজৰ লগত কথা পাতি খা–খবৰ লয়৷
ভৱানীপুৰত বিজেপিৰ বিশাল নির্বাচনী সভাত মুখ্যমন্ত্রী ড০ শর্মা
‘অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ গৃহভূমি ভৱানীপুৰ সমষ্টি এ আই ইউ ডি এফৰ হাতত থকাত মনটো বহুত বেয়া লাগি আছিল৷ এইবাৰ আমি মিত্রজোঁটৰ ৭৫গৰাকী বিধায়কক লৈ চৰকাৰ গঠন কৰিছোঁ৷ আমি সুন্দৰকৈ পাঁচ বছৰ চলি যাব পাৰোঁ৷ কিন্তু মোৰ মনত দুখ আছিল ভৱানীপুৰক লৈ৷ মই এ আই ইউ ডি এফৰ পৰা বিধায়ক নির্বাচিত হোৱা ফণীধৰ তালুকদাৰক বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ কৈছিলোঁ৷’ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ৷ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ মনোনীত প্রার্থী ফণীধৰ তালুকদাৰৰ সমর্থনত আয়োজিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি হিমন্ত বিশ্ব শর্মাই কয় যে ফণীধৰ তালুকদাৰে ৩২টা চুক্তি মানি ল’লে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি মোক জনাই দিলে৷ চুক্তিসমূহত কিন্তু তেওঁৰ কোনো ধৰণৰ ব্যক্তিগত কথা নাছিল৷ শর্মাই লগতে কয় যে চুক্তিসমূহত তেওঁৰ ল’ৰা–ছোৱালীৰো কোনো কথা নাছিল৷

চুক্তিসমূহ ৰাজহুৱা কৰি তেওঁ লগতে কয় যে ভৱানীপুৰ এটা এনেকুৱা সমষ্টি, য’ত উন্নয়ন খণ্ড এটাও নাই৷ ভৱানীপুৰ সমষ্টিৰ চুকে–কোণে উন্নয়ন হ’ব লগা কথাহে চুক্তিখনত আছিল৷ মুখ্যমন্ত্রী শর্মাই স্বভাৱসুলভ কথনভংগীৰে ভৱানীপুৰত পদুম ফুলিলে সকলোবিলাক চুক্তি আখৰে আখৰে পালন কৰা হ’ব বুলিও সমৱেত পাঁচ সহস্রাধিক লোকক প্রতিশ্রুতি দিয়ে৷ আনহাতে, বিজেপিয়ে অসমখন দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ এখন ৰূপে প্রতিষ্ঠা কৰাৰ বাবে হাতত লোৱা আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– আমি প্রথমতে দালালবোৰ চাফা কৰি ল’ম৷ বসুন্ধৰা আঁচনিৰ দ্বাৰা ভূমি সংক্রান্তৰ সকলো কাম কৰিম৷ আনহাতে মুখ্যমন্ত্রী শর্মাই বিজেপিয়ে মুকলি মনেৰে মিত্রতাৰ ধর্ম পালন কৰা হ’ব বুলি নিজৰ ভাষণত উল্লেখ কৰি তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টি ইউ পি পি এল দলক এৰি দিয়াৰ কথা ব্যক্ত কৰে৷ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বক্তব্য প্রদান কৰি কয় যে ভৱানীপুৰৰ স্বাভিমানৰ বাবে ফণীধৰ তালুকদাৰে বিধায়ক পদ ত্যাগ কৰিছে৷ কাৰণ ভৱানীপুৰ হ’ল শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ জন্মভূমি৷ ভৱানীপুৰৰ এই যুঁজ হ’ব স্বাভিমানৰ যুঁজ৷ সংস্কৃতিৰ যুঁজ৷ ইউ পি পি এল দলৰ সভাপতি তথা বি টি আৰপ্রধান প্রমোদ বডোৱে এতিয়া অসমত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ বডোভূমি–কার্বিভূমিত অস্ত্র সম্বৰণ কৰি শান্তিৰ পথলৈ আহিছে৷ সভাত পঞ্চায়ত আৰু গ্রামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, প্রাক্তন মন্ত্রী ফণীভূষণ চৌধুৰী, বিধায়ক ভূপেন বডো, বিজেপিৰ মর্চাসমূহৰ ৰাজ্যিক সমন্বয়ক মনোজ বৰুৱা, অগপ নেতা ৰঞ্জিত ডেকা, প্রাক্তন বিধায়ক ড০ মনোৰঞ্জন দাসে ভাষণ প্রদান কৰি মিত্রজোঁটৰ প্রার্থী ফণীধৰ তালুকদাৰক জয়ী কৰিবলৈ আহ্বান জনায়৷

You might also like