নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত দুই সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ জম্মু–কাশ্মীৰৰ শ্রীনগৰত নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত নিহত হৈছে দুটা সন্ত্রাসবাদী৷ যোৱা সোমবাৰে এজন চিআৰপিএফ জোৱানক হত্যা কৰা হৈছে৷ এই হত্যাকাণ্ডৰ সৈতে জড়িত সন্ত্রাসবাদী দুটা আজি নিহত হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে৷ ইফালে, ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র, গুলী–বাৰুদ আৰু আপত্তিজনক নথি জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ কাশ্মীৰ আৰক্ষীৰ মহাপৰিদর্শক বিজয় কুমাৰে উল্লেখ কৰা অনুসৰি, নিহত দুয়োটা সন্ত্রাসবাদী পাকিস্তানী নাগৰিক৷ অৱশ্যে এই বাতৰি যুগুতোৱা পৰলৈ সন্ত্রাসবাদী দুটাক চিনাক্ত কৰিব পৰা হোৱা নাই৷ কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে যৌথভাৱে চলোৱা অভিযানত নিহত হৈছে সন্ত্রাসবাদী দুটা৷ শ্রীনগৰৰ বেছেমবাৰ নগৰ অঞ্চলত সন্ত্রাসবাদী দুটাই আত্মগোপন কৰি থকা বুলি নিৰাপত্তা বাহিনীয়ে খবৰ পাইছিল৷ ইয়াৰ পিছতেই অঞ্চলটোত অভিযান চলোৱা হয়৷ অভিযানকালত দুয়োটা সন্ত্রাসবাদী নিহত হোৱা বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷

You might also like