নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইভ টিভি ডিবেটত পাকিস্তানৰ দুই নেতাৰ মাৰপিট

বিশেষ বাৰ্তা, ১ অক্টোবৰ : পাকিস্তানত এটা ব্যক্তিগত টিভি চেনেলত ৰাজনৈতিক বিষয়ক লৈ পোনপটীয়া সম্প্রচাৰ চলি থাকোঁতেই দেশখনৰ দুই প্রতিদ্বন্দ্বী প্রধান ৰাজনৈতিক দলৰ দুই নেতাৰ মাজত কাজিয়া লাগে৷ আলোচনাৰ আঁত ধৰোঁতাৰ প্রশ্ণৰ উত্তৰ দিবলৈ গৈ ইটো দলে সিটো দলৰ অভিযোগ কৰাৰ পিছতেই আলোচনাত অংশগ্রহণকাৰী পি টি আই আৰু পি এম এল এনৰ দুই নেতাৰ মাজত প্রচণ্ড কাজিয়া লাগে৷ ইজন নেতাই সিজন নেতাৰ চুলিত ধৰি টনাৰ লগতে চৰ শোধোৱা ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে৷ এই কাজিয়াত লিপ্ত হোৱা দুই ৰাজনৈতিক নেতা হৈছে পি টি আইৰ নেতা তথা অধিবক্তা শ্বেৰ আফজল মাৰৱাট আৰু পি এম এল–এনৰ নেতা সাংসদ আফনানুল্লা খান৷ লাইভ টিভি ডিবেটত অংশ লোৱা দুই ৰাজনৈতিক নেতাৰ এনে কাজিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

You might also like