নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পত্নীৰ অজ্ঞাতে দ্বিতীয় বিয়া : বিহাৰত স্বামীক ভগালে দুই মহিলাই

🔹 আৰক্ষীৰ পৰামর্শ কেন্দ্রৰ সিদ্ধান্ত

নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : পত্নী দুগৰাকী৷ প্রথম পত্নীক নজনোৱাকৈ দ্বিতীয়বাৰ সংসাৰ পাতে বিহাৰৰ পূর্ণিয়াৰ এজন বাসিন্দাই৷ এই ঘটনাক লৈ অভিযোগ দাখিল হয় আৰক্ষীৰ ওচৰত৷ শেষত সিদ্ধান্ত হয় যে দুয়ো পত্নীয়ে ভগাই ল’ব নিজৰ স্বামীক। সপ্তাহত তিনি দিন এই ব্যক্তিগৰাকীয়ে থাকিব লাগিব প্রথম পত্নীৰ লগত৷ বাকী তিনি দিন থাকিব লাগিব দ্বিতীয় পত্নীৰ সৈতে৷ সপ্তম দিনটো নিজৰ ইচ্ছা অনুসৰি কটাব পাৰিব অভিযুক্ত স্বামীয়ে৷ পূর্ণিয়াৰ ৰূপাউলি থানা অঞ্চলৰ এই বাসিন্দাগৰাকীৰ প্রথম পত্নীৰ বক্তব্য হৈছে- তেওঁৰ দুটি সন্তান আছে৷ কিন্তু দুয়োটা সন্তানৰ ভৰণ–পোষণৰ দায়িত্ব ল’ব বিচৰা নাছিল স্বামীয়ে৷ ইফালে, ৭ বছৰ পূর্বে প্রথম পত্নীক নজনোৱাকৈ পুনৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে এই ব্যক্তিজন৷ এই বিষয়টোক লৈ পূর্ণিয়াৰ আৰক্ষী অধীক্ষক কার্তিকেয় শর্মাৰ ওচৰত অভিযোগ দাখিল কৰে মহিলাই৷ বিহাৰ আৰক্ষীৰ পৰিয়াল পৰামর্শ কেন্দ্রলৈ বিষয়টো প্রেৰণ কৰা হয়৷ ইয়াৰ পিছতে দুবাৰ বিবাহপাশত আবদ্ধ হোৱা বাবে মহিলা দুগৰাকীৰ স্বামীৰ কাৰাদণ্ড হ’ব পাৰে বুলি আৰক্ষীয়ে ঘোষণা কৰাত দুয়োগৰাকী পত্নীয়ে স্বামীৰ সৈতে সপ্তাহটোৰ তিনি দিনকৈ থকাৰ সিদ্ধান্ত লয়৷

You might also like