নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নখ উভালি, বৈদ্যুতিক শ্বক দি আতিশয্য দুই শ্রমিকক

🔹 আইচক্রীম কাৰখানাত শিহৰণকাৰী ঘটনা

নিউজ ডেস্ক, ২০ এপ্রিল : নখ চেলাই, নগ্ন কৰি বৈদ্যুতিক শ্বক! পাশৱিক আতিশয্য চলোৱা হ’ল দুই শ্রমিকক৷ চোৰ বুলি সন্দেহ কৰি এনেদৰে দুজন শ্রমিকক নৃশংস অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে ছত্তিশগড়ৰ এক আইচক্রীম কাৰখানাত৷ কোনোমতে এই কাৰখানাৰ পৰা পলায়ন কৰি প্রাণৰক্ষা কৰিছে দুয়োজন শ্রমিকে৷ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ ছত্তিশগড়ৰ কোৰবা জিলাৰ এটা আইচক্রীম কাৰখানাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা৷ ৰাজস্থানৰ ভিলৱাৰা জিলাৰ বাসিন্দা অভিষেক ভাম্বি আৰু বিনোদ ভাম্বিয়ে চুক্তিৰ ভিত্তিত এই কাৰখানাত কাম কৰিবলৈ আহিছিল৷ কিন্তু চাৰি দিন পূর্বে কাৰখানাৰ তৰফৰ পৰা দুজন কর্মীয়ে অভিযোগ তোলে যে অভিষেক আৰু বিনোদে কাৰখানাৰ বিভিন্ন সামগ্রী চুৰি কৰিছে৷ ইয়াৰ পিছতে আৰম্ভ হয় অত্যাচাৰ৷ দুয়োজন শ্রমিকৰ প্রথমে নখ উভালি পেলোৱা হয়৷ ইয়াৰ পিছত নগ্ন কৰি তেওঁলোকক বৈদ্যুতিক শ্বক দিয়ে কাৰখানা কর্তৃপক্ষই৷ অকল সেয়াই নহয় পাশৱিকভাৱে প্রহাৰো কৰা হয় দুয়োজনক৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ ৰাজস্থানৰ আৰক্ষীয়ে ছত্তিশগড় আৰক্ষীলৈ শিহৰণকাৰী ঘটনাৰ তথ্য প্রেৰণ কৰাৰ পাছতে সমগ্র বিষয়টোক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷

You might also like