নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামুদ্রিক ধুমুহা হাইছেনে স্পৰ্শ কৰিলে জাপান, ৪গৰাকী নিৰুদ্দেশ, আহত ৫২

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ সামুদ্রিক ধুমুহা হাইছেনে স্পৰ্শ কৰিলে জাপান। জাপানৰ পিছত দক্ষিণ কোৰিয়াৰ উত্তৰৰ অভিমুখে গতি কৰিছে হাইছেন। সৌভাগ্যবশতঃ ভবাতকৈ কম ক্ষতিগ্ৰস্ত গৈছে জাপান। তথাপি ধুমুহাৰ লগে লগে মুষলধাৰ বৃষ্টিপাতৰ ফলত জাপানৰ শ্বিবা আৰু মিয়াজাকি প্ৰান্তৰ এগৰাকী ৬০ বছৰীয়া মহিলা, তেওঁৰ পুত্ৰসহ চাৰিগৰাকী লোক নিৰুদ্দেশ হোৱাৰ লগতে দেশখনৰ ৫২গৰাকী লোক কম-বেছি পৰিমাণে আহত হৈছে।

জাপানৰ কিউছু অঞ্চলত ক্ষতিৰ পৰিমাণ কিছু বেছি হোৱা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ হাজাৰৰো অধিক ঘৰৰ বৈদ্যুতিক সংযোগ কাটি দিয়াৰ লগতে কাগোশিমা আৰু নাগাচাকিৰ প্ৰায় ৪,৭৫,০০০টা ঘৰৰ বিদ্যুত সংযোগ কাটি দিয়া হৈছে। ধুমুহাৰ ফলত দেশখনৰ কিছু কিছু অঞ্চলৰ পৰিবহণ ব্যৱস্থাও বন্ধ হৈ পৰে।

উল্লেখ্য, বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰাৰ পিছতে দেশখনৰ চৰকাৰে দুই লক্ষাধিক লোকক নিৰাপদ স্থানলৈ আঁতৰাই পঠিওৱাৰ বাবে ক্ষতিৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। জাপানৰ কিউছু অতিক্রম কৰি দক্ষিণ কোৰিয়া অভিমুখে গতি কৰা এই ধুমুহাই ধ্বংসলীলা সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে জাপান আৰু কোৰিয়া উপদ্বীপ অঞ্চলক খুন্দিয়াই গৈছিল সামুদ্রিক ধুমুহা মেছাকে৷

You might also like