নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ আনিব পাৰিব নিৰৱ মোদীকঃ প্ৰত্যৰ্পণত ব্ৰিটেইনৰ আদালতৰ সন্মতি

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ব্ৰিটেইনত প্ৰত্যৰ্পণৰ গোচৰত হাৰিল নিৰৱ মোদী। ব্ৰিটিছ আদালতে ১৪,০০০ কোটি টকাৰ বিত্তীয় জালিয়াতিৰ গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী নিৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে।

ব্ৰিটেইনৰ আদালতৰ এই ৰায় ভাৰতীয় অনুসন্ধানকাৰী সংস্থাবোৰৰ বাবে এক ডাঙৰ সফলতা বুলি ক’ব পাৰি। ৪৯ বছৰীয়া নিৰৱ মোদীয়ে দক্ষিণ-পশ্চিম লণ্ডনৰ এক  কাৰাগাৰৰ পৰা ভিডিঅ’ৰ জৰিয়তে বৃহস্পতিবাৰৰ শুনানিত উপস্থিত হৈছিল।

লণ্ডনৰ ৱেষ্টমিনষ্টাৰ মেজিষ্ট্ৰেটৰ আদালতৰ ন্যায়াধীশ চেমুৱেলছ জোন্সে ৰায় দিছিল যে তেওঁ ভাৰতীয় আদালতত হাজিৰ হ’ব লাগিব। চেমুৱেলছ জোন্সে কয়, “প্ৰতাৰণা আৰু বিত্তীয় জালিয়াতিৰ গোচৰৰ ক্ষেত্ৰত দাঙি ধৰা প্ৰমাণত মই প্ৰাথমিকভাৱে সন্তুষ্ট।”

আনহাতে, ব্ৰিটেইনৰ আদালতখনে নিৰৱ মোদীৰ ক্ষেত্ৰত মুম্বাইৰ আৰ্থাৰ ৰোড জেলত পৰ্যাপ্ত চিকিতসাৰ ব্যৱস্থা কৰি ৰখাৰ পৰামৰ্শ দিয়ে। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ সুযোগ নিৰৱ মোদীয়ে পাব বুলি আদালতে প্ৰকাশ কৰে।

উল্লেখ্য, ২০১৯ চনৰ ১৪ মাৰ্চত লণ্ডনত বেংক একাউণ্ট খোলাৰ সময়ত গ্ৰেপ্তাৰ হৈছিল নিৰৱ মোদী।

You might also like