নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ভাৰত বন্ধ, সমৰ্থন কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ কাইলৈ ভাৰত বন্ধ৷ সামগ্রী আৰু সেৱা কৰ, চমুকৈ জি এছ টি ব্যৱস্থাক পুনৰীক্ষণৰ দাবীৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে (চি এ আই টি)  ২৬ ফেব্রুৱাৰীত ভাৰত বন্ধ ঘোষণা কৰিছে৷ উক্ত দিনা দেশজুৰি সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰখাৰ লগতে চকাবন্ধ তথা পথ অৱৰোধ কার্যসূচীও ৰূপায়ণ কৰিব৷

চি এ আই টিয়ে ঘোষণা কৰা ভাৰত বন্ধৰ সময়ত সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখি দেশজুৰি ১,৫০০তকৈ অধিক স্থানত ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব৷ এই ধর্ণা কার্যসূচীৰ জৰিয়তে চি এ আই টিয়ে কেন্দ্র–ৰাজ্য চৰকাৰ আৰু জি এছ টি পৰিষদক জি এছ টি ব্যৱস্থা পুনৰীক্ষণৰ দাবী জনাব৷ ইপিনে সর্বভাৰতীয় ব্যৱসায়িক সন্থাৰ এই ভাৰত বন্ধ কার্যসূচীক পূর্ণ সমর্থন আগবঢ়াইছে অল ইণ্ডিয়া ট্রেন্সপ’টাছ এছ’চিয়েচনে (এ আই টি ডব্লিউ এ)৷

সংস্থাটোৰ ৰাষ্ট্রীয় সভাপতি মহেন্দ্র আর্যই প্রকাশ কৰা মতে, সংস্থাটোৰ ৰাজ্যিক পর্যায়ৰ সকলো সংস্থাই ২৬ ফেব্রুৱাৰীৰ ভাৰত বন্ধৰ সমর্থন জনাই অসহযোগ কৰিব৷ ইন্ধনৰ মূল্যবৃদ্ধি আৰু নতুন ই–ৱে’ বিল আইন সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব৷

কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছৰ ভাৰত বন্ধৰ প্ৰতি অসমৰো কামৰূপ চেম্বাৰ অৱ কমাৰ্চে সমৰ্থন জনাইছে। কালি এক বিবৃতিযোগে চেম্বাৰ্ছৰ সভাপতি মহাবীৰ জৈনে এই বন্ধক সমৰ্থন জনোৱাৰ কথা ব্যক্ত কৰে।

You might also like