জেলেনস্কিয়ে চৰ্ত আৰোপ কৰাৰ সময়তে ৰাছিয়াৰ মিছাইল আক্ৰমণ
বিশেষ বাৰ্তা, ২ মাৰ্চঃ আলোচনাত বহাৰ পূৰ্বে ৰাছিয়াই বোমা-বৰ্ষণ বন্ধ কৰিব লাগিব। এই চৰ্ত বান্ধি দিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। ইউক্রেইন আৰু ৰাছিয়াৰ প্ৰতিনিধিৰ মাজত বেলাৰুছ সীমান্তত প্ৰথমলানিৰ শান্তি আলোচনাৰ কোনো মীমাংসা নোলোৱাৰ পাছত দ্বিতীয়লানিৰ আলোচনাৰ কথা ওলাইছে। তেনে সময়তে সুৰক্ষা জোৱানে ঘেৰি থকা চৰকাৰী চৌহদৰ পৰা জেলেনস্কিয়ে এক সাক্ষাৎকাৰত কৈছে যে প্ৰথমে সাধাৰণ নাগৰিকৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰক, তাৰ পাছতহে আলোচনাৰ মজিয়ালৈ আহক। দেশ এৰিবলৈ দিয়া প্ৰস্তাৱ নাকচ কৰি জেলেনস্কিয়ে নাটোৰ সদস্য ৰাষ্ট্ৰবোৰক উদ্দেশ্যি কয় যে, অন্ততঃ তেওঁলোকে ৰুছ বায়ুসেনাৰ বাবে ‘নো ফ্লাই জ’ন’ ঘোষণা কৰক। তদুপৰি, ৰাছিয়াৰ ভয়ত ইউক্ৰেইনক সদস্য ৰাষ্ট্ৰ কৰিব নিবিচৰা নাটোৱে সাধাৰণ নিৰাপত্তাৰ ব্যৱস্থা অন্ততঃ কৰিব লাগে বুলি কৈছে। ইপিনে, জেলেনস্কিয়ে সাক্ষাৎকাৰ দি থকাৰ মাজতে সংবাদ সদৰি হয় যে ৰুছ ক্ষেপনাস্ত্ৰৰ আঘাতত ৰাছিয়াৰ টেলিভিছন টাৱাৰ এটা ধ্বংস হৈছে। লগতে ৫জন লোকৰ মৃত্যু ঘটিছে।